লোক সভা নিৰ্বাচনত বৰপেটা সমষ্টিত মিত্ৰ জোতৰ প্ৰাৰ্থী ফণী ভূষণ চৌধৰীৰ হৈ হাজোত অনুষ্ঠিত বিজয় সংকল্প সমাবেশত মুখ্যমন্ত্রীয়ে আজি অংশগ্ৰহণ কৰে। সমাৱেশত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আশীর্বাদত অসমে আজি বিকাশ আৰু প্ৰগতিৰ দিশত দ্রুত গতিত আগবাঢ়ি যোৱাৰ লগতে লাভ কৰিছে বিশেষ পৰিচিতি। তেওঁ কয় যে ভাৰতবৰ্ষক প্রয়োজন মোদীৰ দৰে এজন সৎ, সাহসী আৰু সমদৃষ্টি সম্পন্ন প্ৰধানমন্ত্ৰীৰ যিয়ে এহাতে ক’ভিডৰ দৰে মহামাৰীৰ সময়ত প্রতিষেধক, বিনামূলীয়া চাউল যোগান আদিৰে জনতাক সকাহ প্রদান কৰিব পাৰে, আনহাতে বহিঃৰাষ্ট্ৰৰ পৰা অহা ভাবুকিৰো সমুচিত প্ৰত্যুত্তৰ দিব পাৰে। ড° শৰ্মাই লগতে কয় যে তেওঁৰ তিনি বছৰীয়া মুখ্যমন্ত্ৰিত্বৰ কালছোৱাত প্রধানমন্ত্রী মোদীয়ে অসমক হিয়া উজাৰি দিয়া আশীৰ্বাদৰ বলতেই ৰাজ্যখনক এখোজ দুখোজকৈ আগুৱাই লৈ যাবলৈ সক্ষম হৈছে। এতিয়া দেশৰ যিকোনো প্রান্ততে অসমৰ লোকক সম্মানৰ চকুৰে চায় বুলি মন্তব্য কৰি তেওঁ কয় যে সমগ্ৰ ভাৰততে অসমৰ নাম উজ্জ্বলাই তোলাত প্রধানমন্ত্রী মোদীয়ে সকলো দিশৰ পৰা সহায় কৰিছে আৰু প্ৰধানমন্ত্ৰীৰ বাবেই অসমত এটাৰ পিছত এটাকৈ উন্নয়নমূলক কাম সম্ভৱ হৈ উঠিছে। শুৱালকুছি-পলাশবাৰী সংযোগী দলংখনৰ কাম শীঘ্ৰে আৰম্ভ হ’ব বুলি উল্লেখ কৰি তেওঁ কয় যে এই দলংখনৰ
নির্মাণ সম্পূর্ণ হৈ উঠিলে হাজো, বামদিয়া, বংশৰকে ধৰি বৃহৎ
অঞ্চলৰ জনসাধাৰণে মাত্র ৫ মিনিটৰ ভিতৰতে লোকপ্রিয়
গোপীনাথ বৰদলৈ বিমান বন্দৰৰ সমীপত উপস্থিত হব পাৰিব
।সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত হাজো-শুৱালকুছি বিধানসভা সমষ্টি বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্ভুক্ত হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে তেওঁ নিজেও এতিয়াৰে পৰা বৰপেটা লোকসভা সমষ্টিৰ পৰাই ভোটদান কৰিব লাগিব। অহা ৭ মে’ৰ দিনা ব্যাপক হাৰত ভোটদান কৰিবলৈ জনসাধাৰণক আগবাঢ়ি আহিবলৈ আহ্বান জনাই ড° শর্মাই কয়-‘প্রথম দায়িত্ব ভোটদান, তাৰ পিছতহে জলপান।’ পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনত লুঙি, ধুতি, আঠুৱা, কম্বল আৰু সূতাৰ ৰাজনীতি কৰিছিল বুলি উল্লেখ কৰি তেওঁ কয় যে ইয়াৰ পৰিৱৰ্তে বিজেপি নেতৃত্বাধীন বর্তমানৰ চৰকাৰখনে বিভিন্ন জনকল্যাণকামী আঁচনি, ন্যূনতম সমর্থন মূল্যত ধান, সৰিয়হ ক্ৰয়, অৰুণোদয়, আত্মনিৰ্ভৰ অসম আঁচনি আদিৰ দৰে পদক্ষেপ গ্ৰহণ কৰিছে। সভাত মুখ্যমন্ত্ৰীয়ে ভাৰতীয় জনতা পার্টি নেতৃত্বাধীন মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীক বিপুল ভোট দানেৰে বিজয়ী কৰি নৰেন্দ্ৰ মোদীক পুনৰ এবাৰ প্ৰধানমন্ত্ৰীৰ আসনত অধিষ্ঠিত হোৱাত অৰিহণা যোগাবলৈ হাজোৰ জনসাধাৰণক আহ্বান জনায়।
সভাত বিধায়িকা সুমন হৰিপ্ৰিয়া, উত্তৰ কামৰূপ বিজেপিৰ সভাপতি সুমন পালকে ধৰি ভাৰতীয় জনতা পার্টি নেতৃত্বাধীন মিত্ৰজোঁটৰ বহু সংখ্যক কাৰ্যকৰ্তা আৰু বিষয়ববীয়া উপস্থিত থাকে।