কামৰূপ জিলাত ভোটাৰ সজাগতা কাৰ্যসূচীৰ অধীনত অভিনৱ পদক্ষেপ ভাৰ্চুৱেল ৰিয়েলিটি প্ৰযুক্তিৰ জৰিয়তে ভোটদানৰ অভিজ্ঞতা প্ৰদান

0 minutes, 0 seconds Read

অহা ৭ মে’ত অনুষ্ঠিতব্য লোকসভা নিৰ্বাচনত ভোটাৰৰ অংশগ্ৰহণ নিশ্চিত কৰাৰ দিশত একাধিক পদক্ষেপ গ্ৰহণ কৰি অহা কামৰূপ নিৰ্বাচনী জিলাই আজি জিলাখনত ভোটাৰ সজাগতাৰ লক্ষ্যৰে ভাৰ্চুৱেল ৰিয়েলিটি প্ৰযুক্তিৰ ব্যৱহাৰৰে ভোটদানৰ অভিজ্ঞতা প্ৰদানৰ আন এক অভিনৱ কাৰ্যসূচী অনুষ্ঠিত কৰে। কামৰূপ জিলাৰ দক্ষিণ কামৰূপ মহাবিদ্যালয়ত আজি শুভাৰম্ভ হোৱা এই কাৰ্যসূচীত যুৱ ভোটাৰসকলক ভাৰ্চুৱেল ৰিয়েলিটি প্ৰযুক্তিৰ ব্যৱহাৰৰে ভোটদানৰ অভিজ্ঞতা প্ৰদান কৰা হয়। উল্লেখ্য যে দেশৰ ভিতৰতে প্ৰথমবাৰৰ বাবে হাতত লোৱা এই পদক্ষেপৰ জৰিয়তে এইবাৰ যুৱ ভোটাৰসকলৰ মাজত ভাৰ্চুৱেল ৰিয়েলিটি প্ৰযুক্তিৰ ব্যৱহাৰৰে ভোটদান প্ৰক্ৰিয়াৰ বিষয়ে সজাগতা গঢ়ি তোলাৰ প্ৰয়াস কৰা হৈছে।
পদ্ধতিগত ভোটাৰ শিক্ষা আৰু নিৰ্বাচনী অংশগ্ৰহণ (SVEEP) পদক্ষেপৰ অংশ হিচাপে কামৰূপ জিলাৰ জিলা আয়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া কীৰ্তি জল্লীৰ উদ্যোগত আজি এই কাৰ্যসূচী ৰূপায়ন কৰা হয়।
অনুষ্ঠানত ভাষণ প্ৰদান কৰি কামৰূপ জিলাৰ উপায়ুক্ত কীৰ্তি জল্লীয়ে কয় যে যুৱ ভোটাৰসকলক ভোটদানৰ প্ৰতি আকৰ্ষিত কৰি তোলা তথা তেওঁলোকক ভোটদান প্ৰক্ৰিয়াৰ সৈতে সুপৰিচিত কৰি তোলাৰ বাবে অত্যাধুনিক ভাৰ্চুৱেল ৰিয়েলিটি প্ৰযুক্তিৰ ব্যৱহাৰেৰে ভোটদানৰ অভিজ্ঞতা প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। তেওঁ এই অনুষ্ঠানটোক প্ৰকৃত ভোটদান প্ৰক্ৰিয়াত অংশগ্ৰহণৰ পূৰ্বে যুৱ ভোটাৰসকলৰ বাবে এক ড্ৰাই ৰান বুলি অভিহিত কৰি উল্লেখ কৰে যে ইয়াৰ জৰিয়তে তেওঁলোকে ভাৰ্চুৱেলী এটা ভোটগ্ৰহণ কেন্দ্ৰত প্ৰৱেশৰ পৰা আৰম্ভ কৰি ভোটদান কৰালৈকে ভোটদানৰ সৈতে জড়িত প্ৰতিটো খোজৰ সৈতে সুপৰিচিত হোৱাৰ সুযোগ লাভ কৰিব। ই যুৱ ভোটাৰসকলৰ মাজত যদি ভোটদান প্ৰক্ৰিয়া সম্পৰ্কে কোনো সন্দেহ থাকে, সেয়াও দূৰ কৰিব।
আজিৰ অনুষ্ঠানত জিলা আয়ুক্ত কীৰ্তি জল্লীয়ে অহা ৭ মে’ত সকলোকে ওলাই আহি ভোটদান কৰিবলৈও আহ্বান জনায়। উল্লেখ্য যে এই ভাৰ্চুৱেল ৰিয়েলিটী ব্যৱস্থাৰ জৰিয়তে ভোটদান কেন্দ্ৰত ভোটদানৰ সৈতে জড়িত সকলো দিশ সামৰি যেনে কেন্দ্ৰত প্ৰৱেশ কৰিয়েই পুৰুষ বা মহিলাৰ শাৰীত থিয় হোৱা, পৰিচয়ৰ প্ৰমাণ হিচাপে লগত অনা নথি প্ৰদৰ্শন, নিৰাপত্তাৰক্ষীৰ দ্বাৰা ভোটকেন্দ্ৰত প্ৰৱেশৰ অনুমতি দিয়া, প’লিঙ বিষয়াৰ দ্বাৰা ভোটদান কৰাৰ প্ৰমাণ হিচাপে হাতত চিহ্ন প্ৰদান, ভোটাৰ শ্লিপ লৈ ভোটদানৰ বাবে থকা গোপন কক্ষত গৈ ভোটদান কৰা আদি প্ৰতিটো খোজৰ ভাৰ্চুৱেল অভিজ্ঞতা ল’ব পাৰিব।
উল্লেখ্য যে গুৱাহাটী আই আই টিৰ ডিজাইন বিভাগৰ সহযোগী অধ্যাপক ড০ কেয়ুৰ ছ’ৰাথিয়াৰ সহযোগত এই ব্যৱস্থাক কাৰ্যকৰী ৰূপ প্ৰদান কৰা হৈছে। এই সন্দৰ্ভত আই আই টি গুৱাহাটীৰ সহযোগী অধ্যাপক ড০ কেয়ুৰ ছ’ৰাথিয়াই বৰ্তমানৰ যুগত প্ৰতিটো খণ্ডতে বিশেষকৈ শিক্ষা খণ্ডত আৰ্টিফিচিয়েল ইনটেলিজেন্স, মেচিন লাৰ্ণিঙ, ভাৰ্চুৱেল ৰিয়েলিটী আদি অত্যাধুনিক প্ৰযুক্তিৰ ব্যৱহাৰ হৈ আছে বুলি উল্লেখ কৰি যুৱচামক ভোটদান প্ৰক্ৰিয়াত অংশগ্ৰহণৰ দিশত উৎসাহিত কৰাৰ বাবে এই প্ৰযুক্তিৰ ব্যৱহাৰ কৰা হৈছে বুলি উল্লেখ কৰে।
অনুষ্ঠানত বকোৰ চক্ৰ বিষয়া (সংলগ্ন) তথা কামৰূপ জিলাৰ পদ্ধতিগত ভোটাৰ শিক্ষা আৰু নিৰ্বাচনী অংশগ্ৰহণ কোষৰ বিষয়া সোমা ৰয় আৰু কামৰূপ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক তপন কলিতাও উপস্থিত থাকে।

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *

Home
NEWS
Search