কামৰূপ নিৰ্বাচনী জিলাৰ ৫ নং গুৱাহাটী আৰু ৩ নং বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত এলেকাত ভোটগ্ৰহণৰ বাবে ড্রাই ডে ঘোষণা

0 minutes, 0 seconds Read

অহা ৭ মে’ত কামৰূপ জিলাত ৫ নং গুৱাহাটী আৰু ৩ নং বৰপেটা লোকসভা সমষ্টিৰ বাবে অনুষ্ঠিত হ’বলগীয়া তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত কামৰূপ জিলাৰ জিলা আয়ুক্তই আজি এক নিৰ্দেশযোগে কামৰূপ জিলাৰ ৫ নং গুৱাহাটী আৰু ৩ নং বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত এলেকা সমূহত ৫ মে’ৰ সন্ধিয়া ৫ বজাৰ পৰা ৭ মে’ৰ সন্ধিয়া ৫ বজালৈ অৰ্থাৎ ভোটগ্ৰহণ প্ৰক্ৰিয়া সমাপ্তৰ বাবে নিৰ্ধাৰণ কৰা সময়ৰ সৈতে অন্ত পৰা ৪৮ ঘণ্টাৰ সময়চোৱাত কোনো ব্যক্তি বা ব্যক্তিৰ গোটে নিজৰ ওচৰত নিচাযুক্ত দ্ৰব্য মজুত ৰখা, হোটেলত বা আন কোনো খাদ্য গ্ৰহণ কৰা স্থানত সুৰা বা সুৰা জাতীয় সামগ্ৰীৰ বিক্ৰী, বিতৰণ আদিত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰিছে। এই সময়চোৱা ড্ৰাই ডে ৰূপে ঘোষণা কৰা হৈছে আৰু একেটা নিৰ্দেশতে জিলা আয়ুক্ত গৰাকীয়ে ভোট গণনাৰ বাবে নিৰ্ধাৰিত ৪ জুনৰ দিনটো ভোট গণনা সমাপ্ত নোহোৱা পৰ্যন্ত ড্রাই ডে হিচাপে ঘোষণা কৰিছে আৰু যদি কিবা কাৰণত পুনৰ নিৰ্বাচন (RE-POLL) অনুষ্ঠিত হয় তেনেহলে সেই দিনটোও ড্ৰাই ডে হ’ব বুলি উল্লেখ কৰিছে।

ড্ৰাই ডেৰ সময়চোৱাত সকলো বণ্ডেড ৱেৰহাউচ, ভাৰতত নিৰ্মিত বিদেশী সুৰা/বিয়েৰ খুচুৰা “অফ” & “অন” দোকান, দেশীয় সুৰাৰ দোকান, সুৰা বিক্ৰী বা সেৱনৰ সুবিধা আগবঢ়োৱা অন্যান্য প্ৰতিষ্ঠানসমূহ বন্ধ থাকিব । তদুপৰি কোনো ব্যক্তিয়ে নিজৰ সৈতে অধিক মাত্ৰাত সুৰা মজুতকৰণত আৰু অনুজ্ঞাপত্ৰবিহীন চৌহদত সুৰা মজুতকৰণৰ ক্ষেত্ৰত আবকাৰী আইন অনুসৰি নিষেধাজ্ঞা বলবৎ কৰা হ’ব।

৫ নং গুৱাহাটী আৰু ৩ নং বৰপেটা লোকসভা সমষ্টিৰ বাবে হ’বলগীয়া তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে জাৰি কৰা এই নিৰ্দেশ উলংঘা কৰিলে অসম আবকাৰী আইন আৰু বিধিৰ প্ৰাসংগিক ধাৰা আৰু জনপ্ৰতিনিধিত্ব আইন, ১৯৫১ৰ ধাৰা ১৩৫ (গ)ৰ অধীনত ব্যৱস্থা লোৱা হ’ব।

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *

Home
NEWS
Search