আপুনি যদি প্ৰকৃতিপ্ৰেমী আৰু আপুনি যদি এজাৰ কৃষ্ণচূড়াৰৰ ৰং চাবলৈ কেতিয়াবা গুৱাহাটীৰ পৰা গোৱালপাৰা অভিমুখে গৈছে তেনেহলে আপুনি আৰু সেই ৰং চাবলৈ নাপাব । এতিয়া আৰু গুৱাহাটী-বকো-গোৱালপাৰা পথছোৱাত এজাৰ, কৃষ্ণচূড়া, ৰাধাচূড়া, সোণাৰু নুফুলে ।অসমৰ আন কোনো অঞ্চলতে নেদেখা এই সুদীৰ্ঘ পথচোৱাৰ দুয়োকাষে ডাল ভৰি ভৰি ফুলা গছবোৰৰ সৌন্দৰ্য এইবছৰৰ পৰা আৰু কেতিয়াও দেখা নাপাব । উন্নয়নৰ নামত শ শ গছ কাটি তহিলঙ কৰাৰ পাছত পুনৰ এই পথছোৱালৈ আগৰ সেই পৰিৱেশ কেতিয়াও ঘূৰি নাহে । এফালে উন্নয়ন আনফালে প্ৰকৃতি ধ্বংসৰ প্ৰতিযোগিতা । এই উন্নয়নে মানৱ জাতিৰ উন্নতি কৰিছে নে মানৱ সমাজক ধংশ কৰিছে সেয়াহে চিন্তনীয় বিষয়