শুৱালকুছিৰ ৰিতম পুথিভঁৰালত প্ৰতিমাহত অনুস্থিত কৰা যিকোনো বিষয়ৰ সাহিত্য চৰ্চাই জনমানসত অধিক সমাদৰ লাভ কৰাৰ সময়তে এই মাহৰ ১৬ তাৰিখে পুথিভঁৰালত দশম সংখ্যক সাহিত্যাচাৰ্য অনুস্থিত হৈ যায়।ভাৰতৰ ঐতিহাসিক শৰাইঘাটৰ আলাবৈ ৰণৰ দহ হাজাৰ সৈনিকৰ মৃত্যুৰ কলা অধ্যায় শীৰ্ষক বিষয় বস্তু লৈ বক্তৃতানুষ্ঠানত সমল ব্যক্তি হিচাপে উপস্হিত থাকে বামুন্দী মহাবিদ্যালয়ৰ অধ্যাপক প্ৰদীপ নাৰায়ণ ভট্ট । সমল ব্যক্তি ভট্টই কামৰূপৰ পছৰীয়াৰ আলাবৈ পথাৰত হোৱা ঐতিহাসিক শৰাইঘাটৰ ৰণৰ ইতিহাস দোহাৰে।এটা ৰাতিৰ ভিতৰত মোগলে দহ হাজাৰ অসমীয়া সেনাক হত্যা কৰি নি:শেষ কৰাৰ পিচতো অসমৰ সেনাপতি লাচিত বৰফুকনে হাৰ মনা নাছিল । অবশেষত মোগল অসমীয়া সেনাৰ হাতত পৰাজিত হৈ পলায়ন কৰিবলৈ বাধ্য হৈ পৰে।লাচিতৰ অত্যুৎসাহসী মনোবলৰ বাবেই দুগুণ উৎসাহিত ব্যৱস্থাপনাৰে ৰণত নামি পৰাত মোগলৰ পৰাজয় হয়।এই যুদ্ধ অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ শিকনিৰ যুদ্ধ আছিল। একে দিনাই আহোমৰ দহ হাজাৰ সৈন্য মৃত্যু হোৱাৰ পিছতো নিজৰ দেশৰ অস্তিত্ব ৰক্ষাৰ বাবে পুনৰ মাৰ বান্ধি মোগলৰ বিৰুদ্ধে কৰা যুদ্ধ পৃথিৱীৰ ভিতৰত বিৰল আছিল। শৰাইঘাটৰ যুদ্ধৰ সময়ত প্ৰথমে মোগল আৰু আহোমৰ মাজত পত্ৰ যুদ্ধ চলিছিল। মোগলৰ সেনাপতি ৰামসিংহ ই এক বস্তা আফুগুটি লাচিত বৰফুকনলৈ উপহাৰ দি মোগল সেনাৰ ক্ষমতাৰ অৱস্হিতি জনাইছিল। প্ৰত্যুত্তৰত লাচিত বৰফুকনে মোগল সেনাপতি এচটা শিলৰ পটা আৰু এক বস্তা বালি দি অহোমৰ সেনাই মোগল সেনাক পটাত বতি পানী কৰাৰ ক্ষমতা আছে আৰু বালিৰ সমান অসমীয়া সেনা লেখি শেষ কৰিব নোৱাৰি। এইদৰে অসমৰ ঐতিহাসিক শৰাইঘাটৰ যুদ্ধ আলাবৈ ৰণৰ বৰ্ণণাত্মক বিশ্লেষণ কৰে।পুথি ভৰালৰ স্বত্বাধিকাৰী বিকাশ কলিতাই আত ধৰা অনুস্হানত বিষয় সন্দৰ্ভত অসমীয়া প্ৰতিদিনৰ জ্যেষ্ঠ সাংবাদিক কনক বৈশ্য,গুৱাহাটী প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ প্ৰবক্তা ড:পৰশমণি দাস, অবসৰী বেংক বিষয়া যোগেশ্বৰ মেধি,শুৱালকুছি বুদৰাম মাধব সত্ৰাধিকাৰ মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ ছাত্ৰী উদ্দীপনা দাস আৰু নিতুল বেজবৰুৱাই ভাষণ প্ৰদান কৰে।অংকুৰ শিশু সদনৰ শিক্ষক প্ৰাণজিত মহন্তই আলাবৈৰ ওপৰত এটি কবিতা পাঠ কৰে।শেষত পুথিভঁৰাললৈ সমল ব্যক্তি প্ৰদীপ নাৰায়ণ ভট্টই প্ৰায় পঞ্চাশ খন নিজে লিখা গ্ৰন্থ পুথিভঁৰালত দান কৰে।অনুস্হানত অবসৰী ডাক বিষয়া মীনাক্ষী সুন্দৰ দাস,জ্যেষ্ঠ সাংবাদিক প্ৰবীণ কুমাৰ দাস, শিক্ষয়িত্ৰী স্বৰ্ণলতা বৈশ্য, বিপুল বৈশ্য, সংগীত শিক্ষক অলক বৈশ্য, ৰূপম বৈশ্যৰ উপৰিও শুৱালকুছি বুদৰাম মাধব সত্ৰাধিকাৰ মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ বহু সংখ্যক ছাত্ৰ ছাত্ৰী উপস্হিত থাকে।
হৰিপ্ৰসাদ দাস
শুৱালকুছি