H G Wells এ তেওঁৰ The Outline of History ত লিখিছে , বুদ্ধৰ প্ৰকৃত শিক্ষা আৰু আজিৰ বুদ্ধৰ অনুগামীসকলৰ মাজত আকাশ পাতাল পাৰ্থক্য আছে । একে সুৰতে কও –
শংকৰদেৱৰ শিক্ষা আৰু আজিৰ শংকৰদেৱৰ অনুগামী সকলৰ শিক্ষাৰ মাজত আকাশ পাতাল পাৰ্থক্য স্পষ্ট ৰূপত দেখা যায় । উভয়ে আছিল মানৱতাবাদী ; কিন্তু আজি উভয়ৰে অনুগামীসকলৰ হাততে মানৱতাবাদৰ অপমৃত্যু ঘটিছে বুলি ক’বই লাগিব ।
পদাৰ্থ বিজ্ঞানত অসমৰ প্ৰথম গৰাকী স্নাতকোত্তৰ ডিগ্ৰীধাৰী আৰু বেদান্ত দৰ্শনৰ পণ্ডিত ৰাধানাথ ফুকনে লিখিছে – ” বুদ্ধৰ পিছতে পৃথিবীৰ শ্ৰেষ্ঠ দাৰ্শনিক আছিল শংকৰদেৱ , এই কথাতো মহাপুৰুষীয়াসকলে কিয় মানি ল’বলৈ টান পায় তাৰ কাৰণ বুজি নাপাও ।’
ড° ডব্লিউ স্মিথে লিখিছে —
“samskarat dvija ucyate” a stand first vigorously articulated by Buddha two thousand years earlier . In grounding the ” eka sarana nam dharma ” Sankaradeva became the historical embodiment of this principle ‘
বুদ্ধক যেনেদৰে ব্ৰাক্ষ্মণ্যবাদী সকলে ভাৰতৰ মাটিত এলাগী কৰিছিল , ঠিক একেদৰে শংকৰদেৱৰ অনুগামী সকলেও মহান শংকৰী পণ্ডিত ড° স্মিথক অসমত এলাগী কৰিছে । বুদ্ধৰ মানৱতাবাদী আদৰ্শ আজি ভাৰতত জীয়াই থকাহেঁতেন , বা শংকৰদেৱৰ উদাৰ , বিশ্বজনীন মানৱীয় আদৰ্শৰ ৰেঙণি আজি অসমীয়া সমাজখনত প্ৰতিফলিত হোৱাহেঁতেন ভাৰতৰ লগতে অংগৰাজ্য অসমো বিশ্বৰ আকাশত জিলিকি উঠিলহেঁতেন ।
ৰাজ্যখনৰ শংকৰদেৱৰ অনুগামী সকলক সোধা হৈছে —
বুদ্ধ আৰু শংকৰদেৱৰ উপাস্যদেৱ শ্ৰী কৃষ্ণৰ মাজত কোন শ্ৰেষ্ঠ আৰু কিয় ?