চাইকেলখনত কনীৰ কাৰ্টোন এটা লৈ ঘৰে ঘৰে কনী বেচি ফুৰে যুৱকজনে । কেতিয়াবা খেজুৰ-খিচমিচ-কাজু বাদাম আদিৰ পেকেট । বেপাৰ বেয়া হলে অত-তত দিন হাজিৰা কৰে । চাইকেল ঠেলি ঠেলি গছজোপাৰ ছাঁতে ৰলহি । সুধিলো-আজি বেপাৰ কেনে ? কলে-ভাল নহয় । গৰমখনত বিক্ৰী-বাৰ্তা নাই । এনে গৰমত হাজিৰা কাম কৰাও বৰ কষ্ট । ইফালে লগৰ দুজনমানৰ পৰা লোৱা পাচঁ হেজাৰ টকামান ধাৰত ফচি আছো । তাকে চিন্তা কৰি ৰাতি টোপনিয়েই নহা হৈছে । হঠাৎ মাজনিশা সাৰ পাই যাওঁ আৰু ধাৰখিনিৰ কথা ভাবি টোপনিয়েই নাহে । এইবাৰ সি সুধিলে-দাদা ! এই যে চৰকাৰে মাহে মাহে হেজাৰ হেজাৰ কোটি টকা ধাৰ লোৱা বুলি শুনা পাওঁ । চৰকাৰত থকা মানুহবোৰৰ বাৰু টোপনি আহেনে ? এইবাৰ মোৰ উত্তৰ দিয়াৰ পাল । আৰে বাবা ! তোমাৰ দৰে ধাৰখিনিৰ চিন্তাত তেওঁলোকৰ টোপনি নহা হলে নতুনকৈ আৰু এগাল ধাৰ বঢ়াই গৈ নাথাকিলেহেতেঁন । তেওঁলোকে নিশ্চিন্তে টোপনি মাৰিব পাৰে । কিয় জানানে ? কাৰন তেওঁলোকে ধাৰখিনি তোমাৰ দৰে বেপাৰ কৰি মাৰিব নালাগে নহয় । যতে-ততে টেক্স বঢ়াই দিব আৰু তোমাৰ-মোৰ দৰে মানুহেই তাক ভৰিব লাগিব । সেইবোৰ কাৰনেইতো বয়-বস্তৰ দাম বাঢ়ি গৈ আছে । তুমি তোমাৰ ধাৰ মাৰিবলৈ কনীৰ দাম বেছিকৈ লব পাৰিবা জানো । বজাৰ দামতকৈ বেছিকৈ বিচাৰিলে তোমাৰ কনী কোনেও নিকিনে বৰং লপা-থপাহে খাবা । প্ৰাৰ্থক্য সেইখিনিতেই । এতেকে ৰজাঘৰৰ মানুহে ধাৰ ললেও ফস্তি মাৰি শুব পাৰে । কাৰন তেওঁলোকে ধাৰ লোৱা মানে বোজা পৰে আমাৰ মূৰত । বুজিলা । বেপাৰী লৰাজনে কলে- বুজিলো দাদা ! আমাৰ দৰে কষ্ট কৰি নিজে ধাৰ মাৰিবলগীয়া হলেহে তেওঁলোকে কথাবোৰ বুজি পালেহেতেঁন । লোকৰ মূৰত কঠাল ভাঙি খোৱা মানুহে ধাৰৰ মোল কি বুজিব !