ছাত্রশক্তিৰ ইতিহাস, কটনৰ ছাত্ৰক বেত্রাঘাত, চৰকাৰৰ পতন ।

0 minutes, 1 second Read

ঐতিহ্যমণ্ডিত কটন মহাবিদ্যালয় ১২৪ বছৰীয়া হল । সোমবাৰে ১২৪ বছৰীয়া প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হল । তাৰ লগত সংগতি ৰাখি এটা তথ্য দাঙি ধৰা ভাল হব বুলি ভাবিলো । বিশ্বাস কৰিবনে- এই কটনৰ ছাত্ৰ-ছাত্ৰীৰ ওপৰত পুলিচৰ লাঠি-চালনাৰ প্ৰতিবাদত ৰাজ্যৰ এজন শিক্ষামন্ত্ৰীয়ে পদত্যাগ কৰিছিল । তেওঁ আছিল মহম্মদ চাদুল্লা চৰকাৰৰ মন্ত্ৰী ৰোহিনী কুমাৰ চৌধুৰী । এনেকৈয়ে তেতিয়া কটনৰ গৰিমা তুলি ধৰা হৈছিল । ১৯৪১ চনৰ ৬ ডিচেম্বৰত দ্বিতীয় মহাসমৰৰ বাবে বৃটিচ চৰকাৰৰ হৈ যুদ্ধ পুজি সংগ্ৰহৰ বাবে প্ৰধানমন্ত্ৰী চাদুল্লাই কটন মহাবিদ্যালয়ত এখন প্ৰৰ্দশনীৰ আয়োজন কৰিছিল । কটনৰ ছাত্ৰ-ছাত্ৰীসকলে ইয়াৰ বিৰোধিতা কৰি গুৱাহাটীত এক প্ৰতিবাদী সমদল উলিয়াই উক্ত প্ৰৰ্দশনী আৰু বৃটিচ বিৰোধী শ্লোগান দিছিল । চাদুল্লাৰ নিৰ্দেশত পুলিচে বাধা দিছিল যদিও ছাত্ৰ-ছাত্ৰীসকলে তাক নেওচা দি আগুৱাই যাওঁতে গুৱাহাটী ৰেল ষ্টেচনৰ ওচৰত নিৰ্বিচাৰ লাঠী চালনা কৰাত ৫০ জন আহত হৈছিল । অসমৰ ছাত্ৰ আন্দোলনকাৰীৰ ওপৰত পুলিচৰ লাঠী চালনাৰ এয়াই প্ৰথম ঘটনা । ইয়াতেই ব্যথিত হৈ শিক্ষামন্ত্ৰী ৰোহিনী কুমাৰ চৌধুৰীয়ে পদত্যাগ কৰিছিল । মন্ত্ৰীসভাৰ সদস্য এজনেই এনেকৈ পদত্যাগ কৰাত লজ্বিত হৈ প্ৰধানমন্ত্ৰী চাদুল্লাইয়ো ৰাজ্যপাললৈ সমগ্ৰ মন্ত্ৰীসভাৰে পদত্যাগ পত্ৰ গ্ৰহনৰ বাবে পঠাইছিল । তেতিয়া বিৰোধী দলপতি আছিল গোপীনাথ বৰদলৈ । ১৯৪১ চনৰ ১৩ ডিচেম্বৰ । বিধানভাত উঠিল কটনৰ ছাত্ৰৰ ওপৰত পুলিচী নিয্যাতনৰ প্ৰতিবাদত সভাস্থগিত প্ৰস্তাৱ আৰু লগতে মন্ত্ৰীসভাৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ । বিধাসভাৰ অধ্যক্ষ আছিল বসন্ত কুমাৰ দাস । অনাস্থা প্ৰস্তাৱ ভোটত দিয়া হল । ৫৬ জন সদস্যই অনাস্থা প্ৰস্তাৱৰ সপক্ষে ভোট দিলে আৰু বিপক্ষত ভোট পৰিল শূন্য । চাদুল্লা চৰকাৰ ভংগ হল । পৰৱৰ্তী সাধাৰন নিৰ্বাচনৰ জৰিয়তে একক সংখ্যাগৰিষ্ঠতা লাভ কৰি ১৯৪৬ চনৰ ১১ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ ললে গোপীনাথ বৰদলৈয়ে । কটন মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ ওপৰত হোৱা পুলিচী নিৰ্যাতনে কেনেকৈ এখন চৰকাৰ ভাঙি দিয়াৰ লগতে ৰাজ্যৰ ৰাজনীতি সলাই দিছিল তাৰ উদাহৰন এয়া । আজিৰ দিনত কটনৰ সেই শক্তি আৰু গৰিমা অটুত আছেনে ?

ললিত গগৈ

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *

Home
NEWS
Search