কামৰূপৰ বংশৰৰ অন্যতম ধৰ্মীয় অনুস্হান বংশৰ দৌল উৎসৱ উদযাপন সমিতিৰ বাৰ্ষিক সাধাৰণ সভা সম্পন্ন হৈ যায়। উদযাপন সমিতিৰ সভাপতি মাধৱ বৈশ্যৰ সভাপতিত্বত অনুস্থিত সভাত বাৰ্ষিক প্ৰতিবেদনৰ লগতে বাৰ্ষিক খতিয়ান দাঙি ধৰে সম্পাদক পদ্মৰাম বৈশ্যই। সভাত আগন্তুক বৰ্ষৰ বাবে সমাজ সেৱক তথা শিক্ষক ইন্দ্ৰ কান্ত বৈশ্যক সভাপতি,দশৰথ বৈশ্যক কাৰ্যকৰী সভাপতি লোকনাথ বৈশ্যক সম্পাদক ৰুবুল বৈশ্যক সহকাৰী সম্পাদক ধৰ্মেশ্বৰ দাসক কোষাধ্যক্ষ হিচাপে লৈ এখনি পূৰ্ণাঙ্গ সমিতি গঠণ কৰা হয়।সভাত আগন্তুক শ্ৰীশ্ৰী লক্ষ্মীদেৱীৰ পূজা ,দৌল মহোৎসৱৰ কাৰ্যকাৰিতা ওপৰত বিশদ আলোচনাৰে কেইটিমান গুৰুত্বপূৰ্ণ প্ৰস্তাব গ্ৰহণ কৰা হয়।
ৰাজা মেধি