কামৰূপ জিলাৰ অতিৰিক্ত জিলা আয়ুক্ত তথা জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ মুখ্য কাৰ্যবাহী বিষয়াই আজি এক নতুন নিৰ্দেশযোগে জীৱন আৰু সম্পত্তিৰ সুৰক্ষাৰ নিশ্চিত কৰাৰ স্বাৰ্থত কামৰূপ জিলাত ফেৰী সেৱা আগবঢ়াই থকা সকলো বিভাগীয় আৰু ব্যক্তিগত নাও/জাহাজৰ চলাচল কাইলৈ অৰ্থাৎ ২৯ মে’ দিনটোতো স্থগিত ৰখাৰ নিৰ্দেশ জাৰি কৰিছে। পূৰ্বে কামৰূপ জিলা প্ৰশাসনে ২৭ মে’ আৰু ২৮ মে’ত দুটা দিনৰ বাবে ফেৰী সেৱা স্থগিত ৰখাৰ নিৰ্দেশ দিছিল।
অৱশ্যে অত্যাৱশ্যকীয় সেৱা, সাহায্য আৰু উদ্ধাৰ অভিযান, আৰু গুৱাহাটী-উত্তৰ গুৱাহাটী দলঙৰ বাবে নিৰ্মাণ সামগ্ৰী আৰু শ্ৰমিক কঢ়িওৱা নাওসমূহ এই নিৰ্দেশৰ আওতাত নপৰিব।
কামৰূপ জিলাৰ আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ সহকাৰী কাৰ্যবাহী অভিযন্তাক এই নিৰ্দেশনাৰ পালন নিশ্চিত কৰাৰ দায়িত্ব দিয়া হৈছে আৰু তেওঁ এই সন্দৰ্ভত কামৰূপৰ জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ মুখ্য কাৰ্যবাহী বিষয়াক দৈনিক প্ৰতিবেদন দিব লাগিব।