আৰক্ষীৰ বৃহৎ সফলতা, বাহিৰৰ পৰা বন্ধ গুদামৰ পৰা উদ্ধাৰ সৰ্বমুঠ ৫৭ টা শিশু
আৰক্ষীৰ এক বৃহৎ সফলতা, বাহিৰৰ পৰা বন্ধ হৈ থকা গুদাম ঘৰৰ পৰা একেলগে উদ্ধাৰ হয় ৫৭ টা শিশু। উত্তৰ প্ৰদেশৰ গাজিয়াবাদ জিলাত সংঘটিত হৈছে এই ঘটনা । অমানৱীয়ভাৱে এটা কাৰখানাত বাহিৰৰ পৰা বন্ধ হৈ থকা গুদাম ঘৰত আছিল ৫৭টা শিশু।
য’ত সকলো শিশুকে কামত লগাই থোৱা হৈছিল। ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগৰ এজাহাৰ ভিত্তিত আৰক্ষীয়ে এই অভিযান চলাই। সেই অভিযানতে একেলগে উদ্ধাৰ হয় আৱদ্ধ হৈ শ্ৰমিক হিচাপে কামত লগোৱা ৫৭ টা শিশু।
সমগ্ৰ বিষয়টো গাজিয়াবাদৰ মুছুৰী অঞ্চলৰ। দাসনাৰ ইণ্টাৰনেশ্যনেল এগ্ৰ’ ফুডছ কাৰখানত আৰক্ষীয়ে অভিযান চলাই ৫৭টা শিশুক উদ্ধাৰ কৰে। ইয়াৰে ৩১ গৰাকী কন্যা শিশু আৰু ২৬ টা ল’ৰা।
এই কাৰখানাটো মুখ্যত এটা কচাইখানা। য’ত বিহাৰ, উত্তৰ প্ৰদেশ আৰু পশ্চিম বংগৰ প্ৰায় কেইবা ডজন শিশুৱে অমানৱীয় পৰিস্থিতিত কাম কৰিবলৈ বাধ্য হৈছিল। সেই স্থানত যে শিশু থাকিব পাৰে সেই বিষয়ে কোনেও ভবা নাছিল। কাৰখানাটোৰ পৰা কেৱল কটা মাংসৰ গোন্ধ আহি আছিল।
ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগৰ পৰা এজাহাৰ পোৱাৰ পিছতে এই ব্যৱস্থা গ্ৰহণ কৰে আৰক্ষীয়ে। বিষয়টোৰ সংবেদনশীলতাক বিবেচনা কৰি সমগ্ৰ অভিযানটো গোপনে ৰাখি উদ্ধাৰ অভিযান চলাইছিল আৰক্ষীয়ে।
এই কাৰ্য্যত সহকাৰী আৰক্ষী আয়ুক্ত মুছুৰীৰ উপৰিও ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগ, অতিৰিক্ত আৰক্ষী আয়ুক্ত অপৰাধ, শ্ৰম বিভাগ আৰু উপ জিলা বিষয়াৰ দলটোৱে যৌথভাৱে ভূমিকা পালন কৰে। কচাইখানাটোত মুখ্যতঃ জীৱ-জন্তুৰ মাংস কাটি তাক পেকিং কৰি ৰপ্তানি কৰা হৈছিল। কিন্তু ইয়াত ৫৭টা শিশুক অবৈধভাৱে অমানৱীয় অৱস্থাত ৰখা হৈছিল।
উদ্ধাৰ কৰা সকলো শিশুৰ চিকিৎসা পৰীক্ষা কৰি শিশু কল্যাণ সমিতিৰ সন্মুখত দাখিল কৰা হ’ব। এই গোচৰত কচাইখানা পৰিচালক আৰু অন্যান্য লোকৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আনহাতে আৰক্ষীয়েও এই শিশুসকলৰ পৰিয়ালৰ সৈতে যোগাযোগৰ বাবে চেষ্টা চলাইছে।