শুৱালকুছিৰ কবি কৃষ্ণ জ্ঞান প্ৰণালীৰ উদ্যোগত আজি বিশ্ব পৰিবেশ দিৱস উদযাপন কৰা হয়।শুৱালকুছিৰ অন্যতম ধৰ্মপীঠ ঈশ্বৰ শ্ৰী শ্ৰী হাটীসত্ৰৰ নিত্য প্ৰসঙ্গৰ অৰ্ধ শতাধিক আইসকলৰ সহযোগত পালন কৰা হয় বিশ্ব পৰিবেশ দিৱস।বিশ্ব পৰিবেশ দিৱসৰ লগত সঙ্গতি ৰাখি বিশ্বৰ সন্তুলিত পৰিবেশ আৰু সজাগতাৰ ওপৰত এলানি আলোচনা কৰা হয়।মুখ্য আলোচক হিচাপে আসন অলংকৃত কৰা অৱসৰী শিক্ষক তথা বৰ্ষীয়ান সাংবাদিক যোগেন্দ্ৰ ভড়ালীয়ে প্ৰদূষিত পৰিবেশৰ বাবে মানুহ সচেতন নহয় বুলি কোৱাৰ উপৰিয়ো প্ৰতিদিনে পৰিবেশ বিঘ্নিত হৈছে।ইয়াৰ বাবে মাতৃ বা গৃহীনি সমাজকো সচেতন হবলৈ আহ্বান জনায়। আজিৰ যুব প্ৰজন্মই পৰিবেশৰ ভাৰসাম্য বজাই ৰখাৰ প্ৰতি আগ্ৰহী নহয়।কিয়নো তেওলোকে নিতৌ ব্যৱহাৰ কৰা গুটখা জাতীয় সামগ্ৰী গ্ৰহণৰ পাচত নিজৰ মাদকতা পুৰণ কৰি বাটে পথে পিকাই পৰিবেশ বিনষ্ট কৰে।সেয়ে মাতৃ সকলেও আজৰি সময়ত নিজৰ সন্তানৰ লগত ঘৰতে পৰিবেশ সম্পৰ্কে আলাপ আলোচনা কৰিলে সু-ফল পোৱাৰ আশা আছে বুলি মন্তব্য কৰে।আনহাতে তেও প্লাষ্টিকৰ ব্যৱহাৰ প্ৰতিৰোধ কৰাৰ অনুৰোধ জনায়।সভাত উপস্হিত থাকি বিশিষ্ট কবি তথা সুনিপুন চিত্ৰ শিল্পী শুশিলা কলিতা ওৰফে ৰাণুই বৰ্তমানৰ ভাৰসাম্য হীন পৰিবেশৰ বাবে চৰকাৰক দোষাৰোপ কৰে । উন্নয়নৰ নামত জধে-মধে গছ-গছনি কাটি তহিলং কৰাৰ পিছতো গছপুলি ৰোপন নকৰি পৰিবেশ বিনষ্ট কৰিছে বুলি মন্তব্য কৰে। বিপৰীতে জণ সাধাৰণ সচেতন নহয় বুলি কয়। কবি কৃষ্ণ টেলিমেডিচিন চেন্টাৰৰ যুব গবেষক ৰুপম দাসে আতধৰা অনুষ্ঠানত প্ৰবীণ অনাতাৰ শিল্পী কনকলতা দাস, মল্লিকা মড়লেও বিষয় বস্তুৰ ওপৰত আলোকপাত কৰাৰ লগতে মল্লিকা মড়ল আৰু ভবেশ্বৰী কলিতাই পৰিবেশ দিৱসৰ ওপৰত কবিতা পাঠ কৰে। পিচত আইসকলক লৈ শুৱালকুছিৰ বালিচৰলৈ পৰিবেশ ৰ সজাগতাৰ বাবে পৰিবেশ যাত্ৰা কৰি বালিচৰত পছিশ গৰাকী আইৰ দ্বাৰা গছপুলি ৰোপন কৰে।ইয়াৰ পূৰ্বে কবি কৃষ্ণ জ্ঞান প্ৰণালী কেন্দ্ৰত প্ৰবীণ অনাতাৰ শিল্পী কনকলতা দাসে গছপুলি ৰোপন কৰি পৰিবেশ যাত্ৰাৰ শুভাৰম্ভ কৰে।
হৰিপ্ৰসাদ দাস।
শুৱালকুছি।