বৰপেটা লোকসভা সমষ্টিত ফণীভূষন চৌধুৰীয়ে শেষ হাঁহি মাৰিলে । সেয়া অৱশ্যে বিশেষ খবৰ নহয় বৰপেটা সমষ্টিৰ ভোটাৰে খবৰ ৰাখিব বিচৰা বিষয়টো হল দুলু আহমেদে কিমান ভোট পালে! এইবাৰৰ নিৰ্বাচনত অযোধ্যাই প্ৰমাণ কৰিলে যে কেৱল হিন্দুত্ববাদী চিন্তাৰে নিৰ্বাচন জিকিব নোৱাৰি , কেন্দ্ৰীত মন্ত্ৰী স্মৃতি ইৰাণীৰ পৰাজয়ে প্ৰমাণ কৰিলে যে অহংকাৰ সাধাৰণ জনতাই সহ্য নকৰে, গৌৰৱ গগৈয়ে প্ৰমাণ কৰিলে যে ধনবল বাহু বল বা যিকোনো শক্তি প্ৰয়োগ কৰিলেই নিৰ্বাচন জিকিব নোৱাৰি । এইফালে বদৰুদ্দিন অসমৰ মুখ্যমন্ত্ৰী হোৱা পথ ৰুদ্ধ কৰিলে কংগ্ৰেছে । গতিকে এই নিৰ্বাচনে বহু কথাই প্ৰমাণ কৰিলে আৰু ভাৰতবৰ্ষৰ গণতন্ত্ৰ কিমান শক্তিশালী সেয়া আকৌ এবাৰ প্ৰমাণ কৰিলে
যি নহওক আজিৰ আলোচনাৰ বিষয় হল দুলু আহমেদ। অহংকাৰ লম্ফ জম্ফ মৰা কথা, বিজেপি বা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বাদ দি বাকী বিৰোধী নেতা বোৰক শিশুসুলভ সমালোচনা কৰা তথা অপৰিপক্ক ৰাজনৈতিক চিন্তাধাৰা আৰু তৰল কথা বতৰাই ধূলিস্যাত কৰি দিলে দুলু আহমেদক ।
বৰপেটা সমষ্টিত কংগ্ৰেছ দলতকৈ বেছি ভোট পাম বুলি দম্ভালি মৰা কথা বোৰ, অসমৰ ৰাইজৰ মৰমৰ নেতা লুৰিন জ্যোতি গগৈক অতি পাতল সমালোচনা, অখিল গগৈৰ দৰে শক্তিশালী জাতীয়তাবাদী নেতাক যুক্তিহীন সমালোচনা ,অসমত ইতিহাস সৃষ্টি কৰা ৰকিবুল হুছেইনক কৰা কটাক্ষ, এনেবোৰ টুলুঙা কথা বিজেপি সমৰ্থল সকলেও গ্ৰহণ যে নকৰে সেই কথা উপলব্ধি নকৰাই কাল হল দুলু আহমেদৰ ।
সামাজিক মাধ্যমত কিছুমান কৌতুক চৰিত্ৰ পোৱা যায় যেনে শিখা শৰ্মা, শুকুৰ আলি আদি । এই চৰিত্ৰ বোৰ মানুহৰ কেৱল মনোৰঞ্জনৰ আহিলা আৰু সেই বাবে সামাজিক মাধ্যমত এওঁলোকৰ লাখ লাখ দৰ্শক কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে ৰাইজ বুৰ্বক বা ইয়াৰ অৰ্থ এইটো নহয় যে লাখ লাখ দৰ্শক পোৱা ইহঁতবোৰে লাখ লাখ ভোট পাব । দুলু আহমেদৰো ঠিক তেনেকুৱা হল । নিৰ্বাচনী প্ৰচাৰৰ বাবে প্ৰস্তুত কৰা গানটোত লাখ লাখ দৰ্শক দেখি দুলু আহমেদে ভাবি ললে যে তেওঁ লাখ লাখ ভোট পাব আৰু শেষত ১০ হাজাৰ ভোট পাবলৈও সক্ষম নহল । যাক কব পাৰি নিৰ্লজ্য আত্মসমৰ্পণ । বিগত সময়ৰ ৰেহ ৰূপ বোৰ চাই দুলু আহমেদে যে আত্মসমৰ্থন কৰিব সেয়া বিশ্বাস নহয় তেওঁ হয়তো একেই শক্তিৰে সমাজিক মাধ্যমত লুৰিন অখিল ৰুকিবুলক কটাক্ষ কৰা আৰম্ভ কৰিব । তেওঁ হয়তো কেতিয়াও উপলব্ধি নকৰিব যে তেওঁক কোনো নেতাই নহয় তেওঁক লাজ লগাকৈ উপেক্ষা কৰিছে ৰাইজে আৰু ৰাইজৰ ওপৰত যাব বিচাৰিলে যি অলপ আছে সেয়াও ধ্বংস হব বুলি তেওঁ চিন্তা কৰিলে ভাল । শেষত তেওঁক সমালোচনা কৰা বোৰক শত্ৰু জ্ঞান কৰা মানসিকতা ত্যাগ কৰি নতুন চিন্তা নতুন উদ্যমৰে সমাজত ওলাই আহক আৰু মানুহৰ বাবে কাম কৰক । শুভ চিন্তক হিচাপে আমাৰো সেয়াই পৰামৰ্শ । হাজোৰ ৫৬ হাজাৰ ভোটাৰ যে তেওঁৰ পৈত্রিক সম্পত্তি নহয় সেই কথা উপলব্ধি কৰক ।
দিপু গোপী আৰ দাস