ডিপ্ৰেচনৰ বলি অভিনেত্ৰী নূৰ মালবিকা দাস, ৩ দিনৰ মূৰত কোঠাত উদ্ধাৰ মৃতদেহ

0 minutes, 0 seconds Read

বহু ছবি আৰু ধাৰাবাহিকত কাম কৰা অভিনেত্ৰী নূৰ মালবিকা দাস আৰু নাই। মৃত্যুৰ ৩ দিন পিছতে আৰক্ষীয়ে তেওঁৰ মৃতদেহ উদ্ধাৰ কৰে। মৃতদেহ উদ্ধাৰ কৰি মুম্বাই আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।
ডিপ্ৰেচনৰ বলি হৈ অভিনেত্ৰী নূৰ মালবিকা দাসে আত্মহত্যা কৰা বুলি। সন্দেহ কৰা হৈছে ।
মুম্বাইৰ অশিৱাৰা অঞ্চলত উদ্ধাৰ হৈছে মালবিকা দাস নামৰ অভিনেত্ৰীগৰাকীৰ মৃতদেহ। মালাবিকা বাস কৰা কোঠাৰ ওচৰত দুৰ্গন্ধ বিয়পি পৰাত চুবুৰীয়াই অবাঞ্চিত কিবা অঘটন হোৱাৰ সন্দেহত আৰক্ষীক খবৰ দিয়ে । আৰক্ষীৰ মতে, তেওঁৰ মৃত্যু ওচৰৰ কোনেও গম পোৱা নাছিল। আৰক্ষীয়ে বিষয়টোত ব্যৱস্থা গ্ৰহণ কৰি অনুসন্ধান কৰি বিশেষ সেই ঘৰটোৰ পৰা মৃতদেহটো উদ্ধাৰ কৰে।

ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে দুৱাৰ ভাঙি মালবিকাক উলিয়াই মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। আৰক্ষী বিষয়াৰ মতে, অভিনেত্ৰীগৰাকী দীৰ্ঘদিন ধৰি হতাশাত ভুগি আছিল আৰু ডিপ্ৰেছনৰ ঔষধো সেৱন কৰি আছিল। প্ৰাৰম্ভিক তদন্ত অনুসৰি হতাশাৰ কাৰণে চৰম পন্থা বাছি লৈছে বুলি সন্দেহ কৰা হৈছে ।

নূৰ মালবিকা দাস আছিল অসমৰ জীয়ৰী। প্ৰথমে এয়াৰ হোষ্টেছ আছিল আৰু পিছলৈ অভিনয়ৰ জগতখনত প্ৰৱেশ কৰিছিল। ৩৬ বছৰীয়া অভিনেত্ৰী গৰাকীয়ে বহু হিন্দী ছবি আৰু ৱেব ছিৰিজত কাম কৰি আহিছে। অ’টিটিৰ জনপ্ৰিয় অনুষ্ঠান চৰমসুখৰ জৰিয়তে জনপ্ৰিয় হৈ পৰিছিল নুৰ মালাবিকা । ইয়াৰ উপৰিও ছিস্কিয়ান, স্পাইচি চাটনিৰ অংশ হিচাপে কাম কৰি আহিছে। ইয়াৰ উপৰিও কাজলৰ ৱেব ছিৰিজ দ্য ট্ৰাইলত দেখা গৈছিল। ছ’চিয়েল মিডিয়াতো সক্ৰিয় হৈ থকা অভিনেত্ৰী গৰাকীৰ ১ লাখ ৬০ হাজাৰতকৈ অধিক ফ’ল’ৱাৰ আছে।

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *

Home
NEWS
Search