শুৱালকুছিত ৪ মহীয়া সাঁতোৰ প্ৰশিক্ষণৰ শুভাৰম্ভ

0 minutes, 1 second Read

শুৱালকুছিৰ ডেকা সত্ৰাধিকাৰ সোণেশ্বৰ আতৈ সাঁতোৰ প্ৰশিক্ষণ কেন্দ্ৰটো আজি   আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে প্ৰশিক্ষণ কেন্দ্ৰৰ কাৰ্যকৰী সভাপতি ডাঃ কাৰ্তিক চন্দ্ৰ মেধিয়ে , বন্তি প্ৰজ্বলন কৰে ঈশ্বৰ শ্ৰীশ্ৰীহাটী সত্ৰৰ সত্ৰাধিকাৰ  ৰাজীৱলোচন সন্তই ৷ ডেকা সত্ৰাধিকাৰ সোণেশ্বৰ আতৈ সাঁতোৰ প্ৰশিক্ষণ কেন্দ্ৰৰ সম্পাদক নিত্যানন্দ নাথে আঁত ধৰা অনুষ্ঠানত শুভাৰম্ভ কৰি দিয়া ভাষণত ডাঃ কাৰ্তিক  চন্দ্ৰ মেধিয়ে কয় যে চৰকাৰে ছাত্ৰছাত্ৰীৰ সুবিধাৰ্থে চুইমিংপুল নিৰ্মাণ কৰি দিছে ৷ উক্ত পুলত শিক্ষাৰ্থী সকলে প্ৰশিক্ষণ গ্ৰহণ কৰি ভৱিষ্যতে একোগৰাকী সুদক্ষ সন্তৰণবিদ হোৱাৰ আশা প্ৰকাশ কৰে ৷ অক্টোবৰ মাহলৈ চলিব লগা সাঁতোৰ প্ৰশিক্ষণৰ বাবে ইচ্ছুক সকলক কেন্দ্ৰৰ যুটীয়া সম্পাদক ৰূপক বৈশ্য আৰু নিত্যানন্দ নাথ অথবা ৮৭২১৯২২৭৩০ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে ৷ 

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *

Home
NEWS
Search