শুৱালকুছিৰ অন্যতম সাহিত্যনুষ্ঠান শুৱালকুছি সেউজী চ’ৰাৰ এখনি কবি সন্মিলন আৰু কাব্যগ্ৰন্থ উন্মোচনী অনুষ্ঠান কালি শুৱালকুছিৰ লোক নিৰ্মাণ বিভাগৰ পৰিদৰ্শন বঙলাত অনুষ্ঠিত হয়। চ’ৰাৰ সভাপতি হেমেন পাঠকৰ সভাপতিত্বত অনুষ্ঠিত সভাত উদ্দেশ্য বাখ্যা কৰে চ’ৰাৰ সম্পাদক দিপাংকৰ শৰ্মাই। ইয়াৰ পিছতেই শুৱালকুছি সেউজী চ’ৰাৰ ৩৪ বছৰীয়া কাৰ্যকালত চ’ৰাই সাহিত্য জগতলৈ আগবঢ়োৱা অৱদানৰ বিষয়ে আলোকপাত কৰে সেউজ প্ৰকাশন পৰিষদৰ সচিব ৰঞ্জিত কুমাৰ মহন্তই। এই অনুষ্ঠানতেই ৰাজশ্ৰী কলিতাৰ কাব্যগ্ৰন্থ “ৰ’দ উভতিছে অ’হাৰ বাটেৰে” উন্মোচন কৰে শুৱালকুছি বুদৰাম মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয়ৰ অৱসৰী অধ্যক্ষ তথা অনাঁতাৰ শিল্পী ড০ বন্তি বৰাই। কাব্যগ্ৰন্থ খনি উন্মোচন কৰি ড০ বন্তি বৰাই কবি গৰাকীৰ ভূয়সী প্ৰশংসা কৰে। লগতে অনুষ্ঠানত অসম সাহিত্য সভাৰ ৰামধেনু উপ-সমিতিৰ আহ্বায়ক তথা দিছপুৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগী অধ্যাপক অজিত প্ৰসাদ শৰ্মা বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি বক্তব্য কৰি কয় যে যি সাহিত্যই সমাজলৈ বাৰ্তা প্ৰেৰণ কৰিব পাৰে তেনে সাহিত্য যুগজয়ী হয়। গতিকে তেনে সাহিত্য সৃষ্টিত নতুন প্ৰজন্মৰ কবি-সাহিত্যিক সকলক গুৰুত্ব প্ৰদান কৰিবলৈ অনুৰোধ জনায়। তাৰ পিছতেই অনুষ্ঠিত হোৱা কবি সন্মিলন সঞ্চালনা কৰে বিশিষ্ট কবি প্ৰাণজিৎ মহন্তই। প্ৰায় দুকুৰিৰো নবীন-প্ৰবীণ কবিয়ে এই কবি সন্মিলনত কবিতা পাঠ কৰে। কবি সন্মিলনৰ অন্তত সঞ্চালক প্ৰাণজিৎ মহন্তই মন্তব্য প্ৰকাশেৰে কবি সকলক উৎসাহিত কৰাৰ লগতে ৰাজশ্ৰী কলিতাৰ কাব্যগ্ৰন্থ “ৰ’দ উভতিছে অ’হাৰ বাটেৰে” সম্পৰ্কতো এটি সমলোচনা আগবঢ়াই কবি গৰাকীক কাব্য চৰ্চা অব্যাহত ৰাখিবলৈ পৰামৰ্শ প্ৰদান কৰে। কবি সন্মিলনৰ পাছত সভাপতি হেমেন পাঠকে সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰে আৰু অসম সংগীতেৰে অনুষ্ঠানৰ সামৰণি পৰে। অনুষ্ঠানত চ’ৰাৰ উপদেষ্টা নৰেশ শৰ্মা, প্ৰতিষ্ঠাপক সভাপতি মলিন কলিতা উপস্থিত থাকে।
দিপাংকৰ শৰ্মা
শুৱালকুছি