বিভিন্ন মাধ্যমত বাংলাদেশৰ অন্তৱৰ্তীকাললীন মন্ত্ৰীসভা বুলি যি প্ৰচাৰ হৈ আছে সেয়া সত্য নহয়। আৰু পিনাকী ভট্টাচাৰ্য বুলি কোনো ব্যক্তি এতিয়ালৈ মন্ত্ৰী হোৱা নাই। কাইলৈ পেৰিছৰ পৰা ডঃ মহম্মদ ইউনুছ ঢাকা পাবহি আৰু তাৰ পাছতহে অস্থায়ী মন্ত্ৰী সভা গঠন কৰাৰ কথা।
পিনাকী ভট্টাচাৰ্য ডঃ ইউনুছৰ মন্ত্ৰীসভাত সোমাব নে নোসোমাই মই নাজানো। এই মানুহজন কিন্তু বাংলাদেশত নাথাকে, থাকে পেৰিছত। বহু বছৰৰ পূৰ্বে প্ৰধানমন্ত্ৰী হাছিনাৰ বিৰোধিতা কৰি তেওঁ দেশ এৰি ফ্ৰান্সত থিতাপি লয়। কোনো দলৰ নহয় ,পিনাকী ভট্টাচাৰ্য এজন ছচিয়েল মিডিয়া এক্টিভিষ্ট আৰু ইউটিউবাৰ। মূলতঃ এজন উগ্ৰ ভাৰতবিৰোধী, বিগত ব্যৰ্থ বয়কট ইণ্ডিয়া আন্দোলনৰ তেওঁ অন্যতম প্ৰবক্তা। বিদেশৰ পৰাই তেওঁ দিয়া উগ্ৰ ভাৰতবিৰোধী বক্তব্যত বাংলাদেশৰ হাছিনাবিৰোধীসকল আপ্লুত আৰু আহ্লাদিত হয়।
পিনাকী ভট্টাচাৰ্য ডঃ ইউনুছৰ মন্ত্ৰীসভাত সোমালেও সেয়া কোনো ধৰ্মনিৰপেক্ষ পদক্ষেপ নহব। পিনাকী আমাৰ মমিনুল আলম বা শ্বাহনৱাজ হোছেইনতকৈও বহু ওপৰত। তেওঁৰ শেহতীয়া বক্তব্য শুনিছিলো এনে—হাছিনাক খেদিব লাগিব। আৰু কিছু দিন হাছিনা প্ৰধানমন্ত্ৰী হৈ থাকিলে ভাৰতত আজি যিদৰে মুছলিমসকল তলমূৰ কৰি থাকিব লগা হৈছে, বাংলাদেশতো অনতিপলমে সেইদৰে মুছলিমসকল তলমূৰ কৰি থাকিব লাগিব!!
সেয়ে এই “হিন্দু” পিনাকী ভট্টাচাৰ্যক লৈ বেছি উৎসাহিত নহব।