অতি কম দিনৰ ভিতৰতে বিশ্বৰ ধনী ব্যক্তি এলন মাস্কে ষ্টাৰ লিংকৰ জড়িয়তে ভাৰতলৈ ছেটেলাইট ইন্টাৰনেট সেৱা অনাৰ লগতে ভাৰতলৈ আনিব তেওঁৰ টেছলা কোম্পানীৰ দ্বাৰা উদ্ভাৱন কৰা আৰু সৌৰ শক্তিৰ পৰা বিদ্যুৎ উৎপাদনক্ষম ৰোফ টায়েলছ আৰু বিদ্যুৎ সৰক্ষণ কৰিব পৰা লিথুনিয়াম আয়ন বেটাৰী | এলন মাস্কে বিদ্যুৎ উৎপাদনক্ষম এই ৰোফ টায়েলছ ভাৰতলৈ অনাৰ লগে লগে অৰ্থাৎ ভাৰতত মাস্কৰ কোম্পানী টেছলাই ইয়াৰ উৎপাদন আৰম্ভ কৰাৰ লগে লগে ভাৰতৰ শক্তি খণ্ডলৈ আহিব আন এক বৈপ্লৱিক পৰিবৰ্তন | কিয়নো টেছলাৰ বিদ্যুৎ উৎপাদনক্ষম ৰোফ টায়েলছ যি ব্যক্তিয়ে নিজৰ ঘৰত প্ৰয়োগ কৰিব ,সেই ব্যক্তিৰ ঘৰ পৰিণত হব একোটা পাৱাৰ হাউচত | টেছলাৰ এই বিদ্যুৎ উৎপাদন ৰোফ টায়েলছ আৰু টেছলাৰ শক্তিশালী লিথিয়াম আয়ন বেটেৰী এখন ঘৰত সংযোগ কৰাৰ পিছত সেই ৰোফ টায়েলছৰ দ্বাৰা উৎপাদিত সৌৰ শক্তি সংৰক্ষিত হব টেছলাৰ লিথিয়াম আয়ন বেটেৰীত | বেটাৰীত সংৰক্ষিত এই বিদ্যুৎৰ খিনি এখন ঘৰৰ লাইট, ফেন, টি়ভি, এয়াৰ কণ্ডিশ্যনাৰ, গ্ৰিজাৰ আনকি ইলেক্ট্ৰিক কাৰ চলাবৰ বাবে পৰ্যাপ্ত হব | ভাৰতত টেছলাৰ এই উদ্যোগ স্থাপন কৰিবৰ বাবে ইতিমধ্যে এলন মাস্কৰ কোম্পানী আৰু ভাৰত চৰকাৰৰ মাজত এই সম্পৰ্কত এক চুক্তি স্বাক্ষৰিত হৈছে | আশা কৰা হৈছে ২০২৬ চনৰ ভিতৰত ভাৰতৰ মানুহে নিজৰ ঘৰ খন পাৱাৰ হাউচ হিচাপে গঢ়াৰ সুবিধা পাব বুলি আশা কৰিব পাৰি | এই টায়েলছ আৰু বেটাৰীৰ খৰচ বৰ্তমান ভাৰতত ব্যৱহৃত ছলাৰ পেনেল আৰু বেটাৰীতকৈ ১০০ ৰ পৰা ১৫০ শতাংশ বেছি হব বুলি বাতৰিত প্ৰকাশ পাইছে ||
পংকজ দুৱৰা