বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাৰে আৰম্ভ হল শুৱালকুছিৰ ৰাস মহোৎসৱ। শুৱালকুছি সাৰ্বজনীন ৰাস মহোৎসৱ উদযাপন সমিতিৰ উদ্যোগত আয়োজিত ৰাস মহোৎসৱ শুৱালকুছিৰ সেউজ দলিচাত এঘাৰ দিনীয়াকৈ উদযাপন হব ৩২ সংখ্যক ৰাস মহোৎসৱ। ৰাস মহোৎসৱৰ বৰ্ণিল শোভাযাত্ৰা উদ্ধোধন কৰে ঈশ্বৰ শ্ৰীশ্ৰীহাটীসত্ৰৰ ডেকা সত্ৰীয়া উজ্জ্বল মহন্তই।। শোভাযাত্ৰাত গায়ন-বায়ন গুৰু আসন, বেণ্ড পাৰ্টী, শ্যামন্ত হৰণ, ৰাধা কৃষ্ণ, গোপিনী, ওজাপালি, জন গোষ্ঠীয় সম্প্ৰদায়ৰ নৃত্যৰত দলকে আদি কৰি প্ৰায় ত্ৰিশটাৰো অধিক আইসকলৰ নামতি দলে অংশ গ্ৰহণ কৰে। আইসকলৰ কৃষ্ণ ভক্তিৰ নামৰ ধ্বনিয়ে আকাশ বতাহত মুখৰিত কৰি সৰ্বতো প্ৰকাৰে ৰাসময় কৰি তোলে। প্ৰায় দুই কিলোমিটাৰ দৈৰ্ঘ্যৰ শোভাযাত্ৰাত সন্নিবিষ্ট বিভিন্ন সাংস্কৃতিক সমাহাৰেৰে এক নান্দনিক দৃশ্যৰ সৃষ্টি কৰে। পূৱা ভাগত মূল মণ্ডপত পতাকা উত্তোলন কৰে ৰাস মহোৎসৱ উদযাপন সমিতিৰ সভাপতি ৰাজিব দাসে।