শুৱালকুছি বুদৰাম মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয়ত লাচিত দিৱস উদযাপন

0 minutes, 0 seconds Read

লাচিত দিৱস উপলক্ষে শুৱালকুছি বুদৰাম মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয়ৰ
ৰাজনীতি বিজ্ঞান বিভাগ আৰু ইতিহাস বিভাগৰ যৌথ উদ্যোগত এক বক্তৃতানুষ্ঠানৰ আয়োজন কৰা হয়৷ উক্ত অনুষ্ঠানত সভাপতিত্ব কৰে ৰাজনীতি বিজ্ঞান বিভাগৰ মূৰব্বী অধ্যাপক তথা মহাবিদ্যালয়ৰ উপাধ্যক্ষ ড° যোগেশ ডেকাই। বক্তৃতানুষ্ঠান খনত আদৰণি ভাষণ প্ৰদান কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ড° নিহাৰ ৰঞ্জন কলিতাই। উক্ত ভাষণত তেখেতে লাচিত দিৱসৰ প্ৰাসংগিকতা সম্পৰ্কে আলোকপাত কৰে। শুৱালকুছি মহাবিদ্যালয়ৰ ইতিহাস বিভাগৰ মূৰব্বী অধ্যাপিকা শ্ৰীযুতা সীমা দত্ত ডাঙৰীয়ানীয়ে বক্তৃতা প্ৰদান অনুষ্ঠানত সমল ব্যক্তি ৰূপে অশংগ্ৰহন কৰি ঐতিহাসিক দৃষ্টিকোণৰ পৰা লাচিত বফুকনৰ অৱদান আৰু তেখেতে যুদ্ধৰ সময়ত গ্ৰহণ কৰা কুটনীতি সম্পৰ্কে এক বিশ্লেষণাত্মক ব্যাখ্যা আগবঢ়াই। ইয়াৰ উপৰিও ইতিহাস বিভাগৰ সহকাৰী অধ্যাপিকা শ্ৰী অনুপমা বৰ্মন আৰু সহকাৰী অধ্যাপক শ্ৰী অভিজিত বৰ্মনে লাচিত বৰফুকনৰ জীৱন আৰু অৱদান সম্পৰ্কে আলোকপাত কৰে।
বক্তৃতানুষ্ঠানটোৰ আঁত ধৰে মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপক শ্ৰী তপন দাসে।মহাবিদ্যালয়ৰ বিভিন্ন বিভাগৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰী উপস্থিত থকা এই অনুষ্ঠানটিত শলাগৰ শৰাই আগবঢ়ায় ৰাজনীতি বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপিকা ড° অত্ৰি বৰুৱাই।

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *

Home
NEWS
Search