কামৰূপ জিলাত অবৈধভাৱে পাহাৰ কটাৰ ওপৰত নিষেধাজ্ঞা জিলা আয়ুক্তৰ।

0 minutes, 0 seconds Read

কামৰূপ জিলাৰ জিলা দণ্ডাধীশ দেৱ কুমাৰ মিশ্ৰই আজি বি এন এছ এছৰ ১৬৩ নং ধাৰা অধীনত প্ৰদত্ত ক্ষমতা প্ৰয়োগৰে এক নিৰ্দেশ জাৰি কৰি কামৰূপ জিলাত অবৈধভাৱে পাহাৰ কটা, জিলাখনৰ সকলো পাহাৰ আৰু পাৰিপাৰ্শ্বিকভাৱে সংৰক্ষিত এলেকাৰ পৰা মাটি আৰু পাহাৰৰ মাটি ( ৰঙা মাটি) অবৈধভাৱে সংগ্ৰহ কৰা, পৰিবহণ কৰাত তৎকালীনভাৱে বলবৎ হোৱাকৈ নিষেধাজ্ঞা আৰোপ কৰিছে। এই নিষেধাজ্ঞা পৰৱৰ্তী নিৰ্দেশ জাৰি নকৰা পৰ্যন্ত বাহাল থাকিব। উল্লেখ্য যে ৰাজ্য চৰকাৰে ‘ডি আসাম হিলছ এণ্ড ইক’লজিকেল ছাইটছ প্ৰটেক্টচন এক্ট,২০০৬’ প্ৰণয়নৰ জৰিয়তে ৰাজ্যৰ পাহাৰসমূহ/ নদীগৰ্ভ/ জলাশয় এলেকাত মাটি কটাত নিষেধাজ্ঞা আৰোপ কৰাৰ পিছতো কামৰূপ জিলাৰ বিভিন্ন স্থানত অবাধ পাহাৰ কটা চলি থকাৰ প্ৰতি লক্ষ্য ৰাখি এই নিষেধাজ্ঞা আৰোপ কৰা হৈছে। উল্লেখ্য যে এই নিষেধাজ্ঞা আৰোপৰ সময়ত একাংশ ব্যক্তি বা ব্যক্তিৰ গোটে কামৰূপ জিলাৰ বিভিন্ন পাহাৰ, নদীগৰ্ভ আৰু জলাশয়ৰ পৰা অবৈধভাৱে বালি / মাটি / শিল কটা আৰু কঢ়িওৱাৰ কাৰ্য অব্যাহত ৰখাৰ ফলত জিলাখনত খহনীয়া / ভূমিস্খলন / নলা বন্ধ হোৱাৰ দৰে বিপদ সৃষ্টি হোৱা, এনে কাৰ্যই উক্ত এলেকা বা দাঁতি-কাষৰীয়া এলেকাত বাস কৰা লোকসকলৰ জীৱন আৰু সম্পত্তিলৈ বিপদ কঢ়িয়াই অনা আৰু ই চৰকাৰী ৰাজহ আৰু পৰিবেশৰ অপূৰণীয় ক্ষতি কৰাৰ প্ৰতি লক্ষ্য ৰাখি এই নিষেধাজ্ঞা আৰোপ কৰা হৈছে। এই নিষেধাজ্ঞা উলংঘা কৰিলে বি এন এছৰ ২২৩ নং ধাৰা আৰু আন যিকোনো প্ৰাসংগিক আইনৰ অধীনত দণ্ডনীয় হ’ব।

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *

Home
NEWS
Search