কামৰূপ জিলাৰ জিলা দণ্ডাধীশ দেৱ কুমাৰ মিশ্ৰই আজি বি এন এছ এছৰ ১৬৩ নং ধাৰা অধীনত প্ৰদত্ত ক্ষমতা প্ৰয়োগৰে এক নিৰ্দেশ জাৰি কৰি কামৰূপ জিলাত অবৈধভাৱে পাহাৰ কটা, জিলাখনৰ সকলো পাহাৰ আৰু পাৰিপাৰ্শ্বিকভাৱে সংৰক্ষিত এলেকাৰ পৰা মাটি আৰু পাহাৰৰ মাটি ( ৰঙা মাটি) অবৈধভাৱে সংগ্ৰহ কৰা, পৰিবহণ কৰাত তৎকালীনভাৱে বলবৎ হোৱাকৈ নিষেধাজ্ঞা আৰোপ কৰিছে। এই […]
লাচিত দিৱস উপলক্ষে শুৱালকুছি বুদৰাম মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয়ৰৰাজনীতি বিজ্ঞান বিভাগ আৰু ইতিহাস বিভাগৰ যৌথ উদ্যোগত এক বক্তৃতানুষ্ঠানৰ আয়োজন কৰা হয়৷ উক্ত অনুষ্ঠানত সভাপতিত্ব কৰে ৰাজনীতি বিজ্ঞান বিভাগৰ মূৰব্বী অধ্যাপক তথা মহাবিদ্যালয়ৰ উপাধ্যক্ষ ড° যোগেশ ডেকাই। বক্তৃতানুষ্ঠান খনত আদৰণি ভাষণ প্ৰদান কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ড° নিহাৰ ৰঞ্জন কলিতাই। উক্ত ভাষণত তেখেতে লাচিত দিৱসৰ প্ৰাসংগিকতা সম্পৰ্কে আলোকপাত […]
বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাৰে আৰম্ভ হল শুৱালকুছিৰ ৰাস মহোৎসৱ। শুৱালকুছি সাৰ্বজনীন ৰাস মহোৎসৱ উদযাপন সমিতিৰ উদ্যোগত আয়োজিত ৰাস মহোৎসৱ শুৱালকুছিৰ সেউজ দলিচাত এঘাৰ দিনীয়াকৈ উদযাপন হব ৩২ সংখ্যক ৰাস মহোৎসৱ। ৰাস মহোৎসৱৰ বৰ্ণিল শোভাযাত্ৰা উদ্ধোধন কৰে ঈশ্বৰ শ্ৰীশ্ৰীহাটীসত্ৰৰ ডেকা সত্ৰীয়া উজ্জ্বল মহন্তই।। শোভাযাত্ৰাত গায়ন-বায়ন গুৰু আসন, বেণ্ড পাৰ্টী, শ্যামন্ত হৰণ, ৰাধা কৃষ্ণ, গোপিনী, ওজাপালি, জন গোষ্ঠীয় […]
অতি কম দিনৰ ভিতৰতে বিশ্বৰ ধনী ব্যক্তি এলন মাস্কে ষ্টাৰ লিংকৰ জড়িয়তে ভাৰতলৈ ছেটেলাইট ইন্টাৰনেট সেৱা অনাৰ লগতে ভাৰতলৈ আনিব তেওঁৰ টেছলা কোম্পানীৰ দ্বাৰা উদ্ভাৱন কৰা আৰু সৌৰ শক্তিৰ পৰা বিদ্যুৎ উৎপাদনক্ষম ৰোফ টায়েলছ আৰু বিদ্যুৎ সৰক্ষণ কৰিব পৰা লিথুনিয়াম আয়ন বেটাৰী | এলন মাস্কে বিদ্যুৎ উৎপাদনক্ষম এই ৰোফ টায়েলছ ভাৰতলৈ অনাৰ লগে লগে অৰ্থাৎ […]
সমগ্ৰ ৰাজ্যৰ লগতে ২৯ ছেপ্টেম্বৰত কামৰূপ জিলাতো অনুষ্ঠিত হ’বলগীয়া এ ডি আৰ ইৰ দ্বিতীয় পৰ্যায়ৰ পৰীক্ষা সুকলমে অনুষ্ঠিত কৰাৰ বাবে জিলা প্ৰশাসনে সকলোখিনি প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। উল্লেখ্য যে ২৯ ছেপ্টেম্বৰত পুৱা ৯ বজাৰ পৰা দিনৰ ১২ বজালৈ মুঠ ৫৪ টা পৰীক্ষা কেন্দ্ৰত পৰীক্ষা অনুষ্ঠিত হ’ব আৰু মুঠ ৩৭০৮৩ গৰাকী পৰীক্ষাৰ্থী এই পৰীক্ষাত অৱতীৰ্ণ হ’ব। অন্যহাতে […]
কিশোৰ জন বৰঘুলী জাতীয় বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰ আইনুল হক। ব্ৰহ্মপুত্ৰ নদীত ৫ বন্ধুৰ সৈতে গা-ধুবলৈ গৈ সন্ধানহীন আইনুল হক নামৰ কিশোৰজন। ঘটনাস্থলীত চুলুং আৰক্ষী আৰু SDRF বাহিনীয়ে বহু সময় ধৰি উদ্ধাৰ অভিযান চলাই যদিও সন্ধান লাভ কৰিবলৈ সক্ষম নহল আইনুলৰ। কলিয়াবৰৰ পৰা অনুপ বৰা।
বিভিন্ন মাধ্যমত বাংলাদেশৰ অন্তৱৰ্তীকাললীন মন্ত্ৰীসভা বুলি যি প্ৰচাৰ হৈ আছে সেয়া সত্য নহয়। আৰু পিনাকী ভট্টাচাৰ্য বুলি কোনো ব্যক্তি এতিয়ালৈ মন্ত্ৰী হোৱা নাই। কাইলৈ পেৰিছৰ পৰা ডঃ মহম্মদ ইউনুছ ঢাকা পাবহি আৰু তাৰ পাছতহে অস্থায়ী মন্ত্ৰী সভা গঠন কৰাৰ কথা।পিনাকী ভট্টাচাৰ্য ডঃ ইউনুছৰ মন্ত্ৰীসভাত সোমাব নে নোসোমাই মই নাজানো। এই মানুহজন কিন্তু বাংলাদেশত নাথাকে, থাকে […]
কলিয়াবৰৰ বুঢ়াপাহাৰ চাহ বাগিচাত চাহ শ্ৰমিকৰ তীব্ৰ প্ৰতিবাদ।শ্ৰমিকসকল নিৰ্দিষ্ট সময়তকৈ কেইমিনিটমান সময় পলমকৈ কামত উপস্থিত হোৱাৰ বাবেই কাম কৰিবলৈ নিদিয়ে বাগান কৰ্তৃপক্ষই। কাম কৰিবলৈ নিদিয়াৰ বাবে চাহ শ্ৰমিক সকলে বাগান কৰ্তৃপক্ষৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে লগতে শ্ৰমিকসকলৰ বিভিন্ন অভাৱ-অভিযোগৰ পূৰণৰ দাবীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে শ্ৰমিকসকলে। চাহ মজদুৰ সংঘৰ প্ৰতিনিধি উপস্থিত হৈ ঘটনাৰ বুজ […]
SDRF বাহিনীৰ নিৰন্তৰ প্ৰচেষ্টাৰ অন্তত উদ্ধাৰ কৰা হৈছে নজৰুল ইছলাম নামৰ ১২ বছৰীয়া কিশোৰটিৰ মৃতদেহ। নদীৰ মাজভাগতে উদ্ধাৰ কৰা হৈছে মৃতদেহটি। এই ঘটনাই অঞ্চলটোত শোকাকুল পৰিবেশৰ সৃষ্টি কৰিছে। ঘটনাস্থলীৰ পৰা দুই কিলোমিটাৰ দূৰত SDRF বাহিনীয়ে উদ্ধাৰ কৰে ছাত্ৰজনৰ মূতদেহ ॥ ইয়াৰ পিছতে কান্দোনত ভাগি পৰিছে সকলো ॥ ভবেশ কলিতা
শুৱালকুছিৰ অন্যতম সাহিত্যনুষ্ঠান শুৱালকুছি সেউজী চ’ৰাৰ এখনি কবি সন্মিলন আৰু কাব্যগ্ৰন্থ উন্মোচনী অনুষ্ঠান কালি শুৱালকুছিৰ লোক নিৰ্মাণ বিভাগৰ পৰিদৰ্শন বঙলাত অনুষ্ঠিত হয়। চ’ৰাৰ সভাপতি হেমেন পাঠকৰ সভাপতিত্বত অনুষ্ঠিত সভাত উদ্দেশ্য বাখ্যা কৰে চ’ৰাৰ সম্পাদক দিপাংকৰ শৰ্মাই। ইয়াৰ পিছতেই শুৱালকুছি সেউজী চ’ৰাৰ ৩৪ বছৰীয়া কাৰ্যকালত চ’ৰাই সাহিত্য জগতলৈ আগবঢ়োৱা অৱদানৰ বিষয়ে আলোকপাত কৰে সেউজ প্ৰকাশন পৰিষদৰ […]