যোৱা এসপ্তাহ ধৰি কামৰূপ জিলাত তাপমাত্ৰা অত্যাধিক বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত কামৰূপ জিলা প্ৰশাসনে বিদ্যালয় চলি থকাৰ সময়ত ছাত্ৰ-ছাত্ৰীসকলক অত্যাধিক গৰমৰ পৰা সকাহ দিয়াৰ উদ্দেশ্যে আৰু তেওঁলোকৰ সুস্বাস্থ্যৰ দিশত এক পদক্ষেপৰূপে আৰু সংশ্লিষ্ট কৰ্তৃপক্ষৰ সৈতে বিবেচনা আৰু পৰামৰ্শমৰ্মে অহা ২৭ মে’ৰ পৰা জিলাখনৰ শিক্ষানুষ্ঠানসমূহৰ পাঠদানৰ সময়সূচীৰ ক্ষেত্ৰত কেতবোৰ সালসলনি কৰিছে। কামৰূপ জিলাৰ চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ […]
👈 উত্তৰাখণ্ডৰ পূৰ্ণাগিৰী মাতা মন্দিৰ দৰ্শন কৰিবলৈ যোৱা অৱস্থাতে কৰুণ দুৰ্ঘটনাটো সংঘটিত হয়।👈শনিবাৰে নিশা প্ৰায় ১১ বজাত শ্বাহজাহাপুৰৰ খুটাৰ অঞ্চলৰ গোলা-লখিমপুৰ পথত সংঘটিত হয় এই দুৰ্ঘটনা।👈 তীৰ্থযাত্ৰী কঢ়িয়াই অনা বাছখন এখন ধাবাৰ সন্মুখত ৰৈ থকাৰ সময়তে বাছখনত তীব্ৰ বেগেৰে অহা এখন ডাম্পাৰে প্ৰচণ্ড খুন্দা মাৰে।👈আৰক্ষীৰ তথ্য অনুসৰি এই বাছখন গোলা মাৰ্গ হৈ খুটাৰত উপস্থিত হৈছিল।👈 […]
👈শৰাইঘাট দলঙৰ ওপৰত উদ্ধাৰ গ্লেমাৰ বাইক👈শুকুৰবাৰে উদ্ধাৰ হৈছিল AS01 BS 0831 নম্বৰৰ বাইকখন👈বৰ্তমানো সন্ধানহীন বাইকখনৰ গৰাকী নৱজিৎ ভৰালী👈নৱজিৎ ভৰালীয়ে শৰাইঘাটৰ পৰা জাপ দিয়াৰ সন্দেহ👈 এমাহ পূৰ্বৰ পৰা মানসিক চাপত আছিল নৱজিৎ👈নৱজিৎ ভৰালী চাইবাৰ অপৰাধী চক্ৰৰ টাৰ্গেট হোৱাৰ সন্দেহ পৰিয়ালৰ।
অৱশেষত বেয়া খবৰটো আহিল। ।বিফল হল হাজাৰ হাজাৰ লোকৰ দোৱা প্ৰাৰ্থনা। ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনাত প্ৰাণ গল ইৰাণৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইচিৰ। ৰাইচিৰ সৈতে এই দুৰ্ঘটনাত ইৰাণৰ বৈদেশিক মন্ত্ৰী হোছেইন আমিৰ আব্দুল্লাহিয়ানসহ আন ৮ জন লোকে প্ৰাণ হেৰুৱায়। ইৰাণ চৰকাৰৰ উচ্চ পদস্থ বিষয়াসকলে ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে হেলিকপ্টাৰেৰে সুদূৰ উত্তৰ অংশৰ পূব আজাৰবাইজান প্ৰদেশলৈ গৈ আছিল। বেয়া বতৰৰ বাবে […]
কামৰূপ জিলা টাইকোৱানডো সন্থাৰ তত্বাৱধানত শুৱালকুছি টাইকোৱানডো একাডেমী আৰু গুৰুকুল টাইকোৱানডো একাডেমীৰ উদ্যোগত নৱম আন্তঃক্লাব টাইকোৱানডো প্ৰতিযোগিতাখনি শুৱালকুছি কলিতা মন্দিৰৰ শিশু উদ্যানত অনুষ্ঠিত হয়। লৰাৰ ছাব জুনীয়ৰৰ ২৫ কেজি বয়সৰ শাখাত সমীন্দ্ৰ দাসৰ পুত্ৰ চাক্সিত দাসে ৰূপৰ পদক লাভ কৰি সমগ্ৰ শুৱালকুছি অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনে। শুৱালকুছি টাইকোৱানডো একাডেমীৰ প্ৰশিক্ষক গোলাপ শইকীয়াৰ তত্বাৱধানত প্ৰশিক্ষণ লৈ […]
ৰঙিয়াত বিধ্বংসী অগ্নিকাণ্ড কেইবাটাও বাসগৃহ ভস্মীভূত হোৱাৰ উপৰিওজুইত জাহ গল ন-বোৱাৰীৰ সোনৰ আ-অলংকাৰ, সমস্ত ফাৰ্ণিচাৰ সহ লক্ষাধিক টকাৰ সা-সামগ্ৰী । ৰঙিয়াৰ পূৱ সাহানৰ নিবাসী চাহনুৰ আলীৰ গৃহত অগ্নিকাণ্ডৰ সূত্ৰপাত হয় । বিদ্যুতৰ চৰ্ট-চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকসকলে
ক্ৰিকেট বিশ্ব কাপৰ দল ঘোষণা কৰাৰ কুচ কাৱাজ চলি থকাৰ মাজতে নিউজিলেণ্ডে ঘোষণা কৰিলে টি-২০ বিশ্বকাপ দল। ১৫ জনীয়া দল ঘোষণা কৰে দেশখনে। কেন উইলিয়ামছনক অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে দলৰ। বৰ্তমানৰ আই পি এলত গুজৰাট টাইটানছৰ হৈ উইলিয়ামছনে মাত্র দুখন মেচহে খেলিছে। উইলিয়ামছনৰ এয়া ষষ্ঠ টি-২০ বিশ্বকাপ। চতুৰ্থবাৰৰ বাবে অধিনায়ক হিচাপে খেলিব তেওঁ। ঘোষিত […]
ৱেষ্ট ইণ্ডিজ আৰু আমেৰিকাৰ দ্বাৰা যৌথভাৱে আয়োজন কৰা পুৰুষৰ টি-২০ বিশ্বকাপ ২০২৪ৰ পূৰ্বে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে (আইচিচি) ভাৰতৰ কিংবদন্তি অল-ৰাউণ্ডাৰ যুৱৰাজ সিঙক এই প্রতিযোগিতাখনত অৰ্পণ কৰিলে গুৰু দায়িত্ব । তাৰকা ক্ৰিকেটাৰ গৰাকীক এই বাৰ টি20 ক্ৰিকেট বিশ্বকাপত দেখা যাব ব্ৰেণ্ড এম্বেছাদৰ হিচাপে। ২০০৭ চনত অনুষ্ঠিত হোৱা টি-২০ বিশ্বকাপৰ উদ্বোধনী সংস্কৰণত যুৱৰাজে এটা অভাৰত ছটা ছিক্সাৰ […]
বংশৰৰ পৰাও আহে বিষাক্ত চুলাই নিৰ্লিপ্ত প্ৰশাসন নিমাত সমাজ এটা সময়ত শুৱালকুছিত সুৰা বিপনি আছিল । চৰকাৰৰ স্বীকৃতি প্ৰাপ্ত সুৰাৰ বিপনিত গ্ৰাহকৰ ভিৰ হৈছিল ।। ধৰ্ম আৰু কৰ্ম নগৰী হিচাপে স্বীকৃতিপ্ৰাপ্ত বস্ত্ৰনগৰীত মুকলি ভাবে এনেদৰে সুৰা বিক্ৰী কৰা বিষয়টোৱে সচেতন সমাজক চিন্তিত কৰি তুলিছিল আৰু সুৰা বিপনিৰ বিৰুদ্ধে যুঁজ দিবলৈ সংজ্ঞবদ্ধ হৈছিল । গাঁও বাসীৰ […]
মুম্বাইৰ এণ্টপ হিলত সংঘটিত হৈছে এক হৃদয় বিদাৰক ঘটনা। বাতৰি অনুসৰি এখন পৰিত্যক্ত গাড়ীৰ পৰা উদ্ধাৰ হৈছে দুটা শিশুৰ মৃতদেহ। পৰিত্যক্ত বাহনখনৰ দুৱাৰ বন্ধ কৰি খেলি থকা অৱস্থাতে শ্বাহৰুদ্ধ হৈ দুয়োটা শিশুৰ মৃত্যু হয় বুলি সন্দেহ কৰা হৈছে । মৃত শিশু দুটি সম্বন্ধত ভাই-ভনী। মৃত ল’ৰাটোৰ নাম ছাজিদ আৰু ছোৱালীজনীৰ নাম মুস্কান। এণ্টপ হিল আৰক্ষীয়ে […]