বিভিন্ন মাধ্যমত বাংলাদেশৰ অন্তৱৰ্তীকাললীন মন্ত্ৰীসভা বুলি যি প্ৰচাৰ হৈ আছে সেয়া সত্য নহয়। আৰু পিনাকী ভট্টাচাৰ্য বুলি কোনো ব্যক্তি এতিয়ালৈ মন্ত্ৰী হোৱা নাই। কাইলৈ পেৰিছৰ পৰা ডঃ মহম্মদ ইউনুছ ঢাকা পাবহি আৰু তাৰ পাছতহে অস্থায়ী মন্ত্ৰী সভা গঠন কৰাৰ কথা।পিনাকী ভট্টাচাৰ্য ডঃ ইউনুছৰ মন্ত্ৰীসভাত সোমাব নে নোসোমাই মই নাজানো। এই মানুহজন কিন্তু বাংলাদেশত নাথাকে, থাকে […]
অৱশেষত বেয়া খবৰটো আহিল। ।বিফল হল হাজাৰ হাজাৰ লোকৰ দোৱা প্ৰাৰ্থনা। ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনাত প্ৰাণ গল ইৰাণৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইচিৰ। ৰাইচিৰ সৈতে এই দুৰ্ঘটনাত ইৰাণৰ বৈদেশিক মন্ত্ৰী হোছেইন আমিৰ আব্দুল্লাহিয়ানসহ আন ৮ জন লোকে প্ৰাণ হেৰুৱায়। ইৰাণ চৰকাৰৰ উচ্চ পদস্থ বিষয়াসকলে ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে হেলিকপ্টাৰেৰে সুদূৰ উত্তৰ অংশৰ পূব আজাৰবাইজান প্ৰদেশলৈ গৈ আছিল। বেয়া বতৰৰ বাবে […]
প্ৰকৃতিৰ তাণ্ডৱ চলিছে আফগানিস্তানত। দেশখনত হঠাতে অহা প্ৰবল বানৰ ফলত ৩০০ ৰো অধিক লোকৰ মৃত্যু হোৱাৰ খবৰ আহিছে। সর্বাধিক ক্ষতিগ্রস্ত হৈছে দেশখনৰ উত্তৰ প্ৰান্ত। বাঘলান প্রদেশত বানপানীয়ে আটাইতকৈ বেছি ক্ষতিগ্রস্ত কৰাৰ বাতৰি পোৱাৰ লগতে এই অঞ্চলটোত কমেও ৫০ জন লোকৰ মৃত্যু হোৱা আৰু আন কেইবাখনো জিলাত সা-সম্পত্তি ধ্বংস হোৱা বুলি জানিব পৰা গৈছে ইফালে তাখৰ […]
মৎস্য চিকাৰলৈ গৈ পাকিস্তানৰ হাতত বন্দী হোৱা এজন মাছমৰীয়াৰ মৃত্যু হোৱা ঘটনাই ৰহস্যৰ সৃষ্টি কৰিছে । মাছ। মাৰিবগৈ পাকিস্তানৰ জলসীমাত প্ৰৱেশ কৰিছিল এগৰাকী ভাৰতীয় মাছমৰীয়াই। যাৰ ফলতপাকিস্তানী নিৰাপত্তা বাহিনীৰ হাতত গ্ৰেপ্তাৰ হব লগা হৈছিল মাছমৰীয়া জন ।এই ঘটনা সংঘটিত হৈছিল ২০২২ ত । তেতিয়াৰ পৰা কৰাচীৰ কাৰাগাৰত বন্দী হৈ আছিল এই মাছমৰীয়াজন। যোৱা মাৰ্চ মাহত […]
আমেৰিকাত ভয়ংকৰ পথ দুৰ্ঘটনাতপ্ৰাণ হেৰুৱালে ৩ গৰাকী ভাৰতীয় যুৱতীয়ে। নিহত যুৱতী কেইগৰাকী গুজৰাটৰ বাসিন্দা বুলি জানিব পৰা গৈছে । নিহত যুৱতী তিনিগৰাকী হৈছে ৰেখাবিন পেটেল, সংগীতাবিন পেটেল আৰু মনীষাবিন পেটেল।শনিবাৰে পুৱা দক্ষিণ কেৰ’লিনাত সংঘটিত হয় এই দুর্ঘটনাটো। গ্রীণভিল কাউন্টিৰ ওচৰৰ এখন ফ্লাই অভাৰত নিয়ন্ত্ৰণ হেৰুৱাই তেওঁলোকৰ গাড়ীখন দুৰ্ঘটনাত পতিত হয়।গ্রীণভিল আৰক্ষীৰ মতে, দ্রুতবেগী এছ ইউ […]