শুৱালকুছি বুদৰাম মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয়ৰ নিয়োগ কোষৰ তত্ত্বাৱধানত আজি ফ্লিপকাৰ্টৰ অধীনত এক প্ৰাংগন ভিওিক সাক্ষাৎকাৰ অনুস্হিত হয়৷ এই সাক্ষাৎকাৰ অনুস্হানৰ শুভাৰম্ভ কৰি দিয়া ভাষণত মহাবিদ্যালয়ৰ অধ্যক্ষ ড° নিহাৰ ৰঞ্জন কলিতাই মহাবিদ্যালয়ৰ ছাত্ৰছাত্ৰীৰ সুবিধাৰ্থে আয়োজিত এই সাক্ষাৎকাৰে ছাত্ৰছাত্ৰীৰ সংস্হাপনৰ দিশত এক নতুন মাত্ৰা সংযোজিত কৰিব বুলি আশা প্ৰকাশ কৰে৷ ইয়াৰ পাছতে ফ্লিপকাৰ্টৰ পৰা অহা বিষয়ববীয়া সকলে তেওঁলোকৰ সংস্হাত নিয়োগৰ বাবে থকা সুবিধাসমুহৰ বিষয়ে সভাত ভাষণ দিয়ে৷ ফ্লিপকাৰ্টৰ উত্তৰ পূৰ্বাঞ্চলৰ মানব সম্পদ বিভাগৰ জেনেৰেল মেনেজাৰ শ্ৰী শংকৰ বৰ্মনে সাক্ষাৎকাৰৰ প্ৰাৰম্ভিকতে ছাত্ৰছাত্ৰীক ব্যক্তিগত খণ্ডৰ চাকৰিৰ প্ৰতি আগ্ৰাহ্বানিত হবলৈ এক মনোগ্ৰাহী ভাষণ দিয়ে আৰু তেওঁলোকৰ অনুষ্ঠানত চাকৰিৰ কি কি সুবিধা আছে সেই বিষয়ে সবিশেষ বৰ্ণনা কৰে৷ শ্ৰীযুত বৰ্মনৰ নেতৃত্বত অহা আন দুজন বিষয়া শ্ৰী প্ৰভাস ছেত্ৰী আৰু স্বপনীল বৰায়ো ফ্লিপকাৰ্টত নিয়োগ লাভ কৰিলে কি কি সুবিধা পোৱা যাব, ভবিষ্যতে কেনেদৰে পদোন্নতি হব আদি বিষয়ে চাকৰি প্ৰাৰ্থী সকলক অবগত কৰে৷ ইয়াৰ পিছতে ছাত্ৰছাত্ৰী সকলক ফ্লিপকাৰ্টত কি কি কাম আছে সেই বিষয়ত এক ভিডিঅ প্ৰদৰ্শন কৰা হয়৷ মহাবিদ্যালয়ৰ চুড়ান্ত ষান্মাষিকৰ ইচ্ছুক ছাত্ৰছাত্ৰীসকলৰ মাজত অনুষ্ঠিত এই প্ৰাংগন ভিত্তিক সাক্ষাৎকাৰত প্ৰায় পয়ষষ্ঠি গৰাকী ছাত্ৰছাত্ৰী অৱতীৰ্ণ হয় আৰু তেওঁলোকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলৰ পাছতে ফ্লিপকাৰ্টত চাকৰি কৰিবলৈ সুযোগ পাব বুলি আশা প্ৰকাশ কৰা হৈছে৷ উল্লেখযোগ্যযে শুৱালকুছি মহাবিদ্যালয় নিয়োগকোষে আয়োজন কৰা এই সাক্ষাৎকাৰত কেৱল শ্ৰেণীত অতি কমেও ষাঠি শতাংশ উপস্থিত থকা ছাত্ৰছাত্ৰীকহে অংশগ্ৰহণ কৰিবলৈ সুযোগ দিয়া হয়৷ মহাবিদ্যালয়ৰ নিয়োগ কোষে জানিবলৈ দিয়া মতে অহা দুই মে’ত ব্যক্তিগত খণ্ডৰ আন এক কোম্পানীয়ে মহাবিদ্যালয়ত চাকৰিৰৰ সাক্ষাৎকাৰ অনুষ্ঠিত কৰিব যত প্ৰাক্তন ছাত্ৰছাত্ৰীয়েও অংশগ্ৰহণ কৰিব পাৰিব৷ এই সাক্ষাৎকাৰৰ বিষয়ে অধিক জানিবলৈ নিয়োগ কোষৰ তত্ত্বাৱধায়ক ড° সিদ্ধাৰ্থ নয়ন শৰ্মা আৰু ড° অমৃতা দাসক যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হ’ল৷