ভোটগ্ৰহণৰ বাবে সাজু কামৰূপ জিলা প্ৰশাসন

0 minutes, 3 seconds Read

অহা ৭ মে’ত অনুষ্ঠিত হ’বলগীয়া তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈছে কামৰূপ জিলা প্ৰশাসন । ৫ নং গুৱাহাটী আৰু ৩ নং বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত কামৰূপ নিৰ্বাচনী জিলাত ৪,১৮,৪০৭ গৰাকী পুৰুষ ভোটাৰ আৰু ৪,২০,৫৮০ গৰাকী মহিলা ভোটাৰ সহিতে সৰ্বমুঠ ৮,৩৮,৪৯৩ গৰাকী ভোটাৰে এইবাৰৰ লোকসভা নিৰ্বাচনত ভোটদান কৰিব। তদুপৰি জিলাখনত এইবাৰ পঞ্জীয়ন হোৱা নতুন ভোটাৰৰ সংখ্যা হৈছে ১৪৮৮৭ গৰাকী। মুঠ ৯৬৫ টা ভোটগ্ৰহণ কেন্দ্ৰ থকা কামৰূপ নিৰ্বাচনী জিলাৰ গুৱাহাটী লোকসভা সমষ্টিৰ অন্তৰ্গত ২৭ নং চমৰীয়া বিধানসভা সমষ্টিত ২৪৭ টা, ২৮ নং বকো-ছয়গাঁও বিধান সভা সমষ্টিত ২৩২ টা আৰু ২৯ নং পলাশবাৰী বিধানসভা সমষ্টিত ২৬২ টা ভোটগ্ৰহণ কেন্দ্ৰ আছে । বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত ৩০ নং হাজো-শুৱালকুছি বিধানসভা সমষ্টিত ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা হ’ল ২২৪ টা।

অহা ৭ মে’ত নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া জিলাখনৰ মুঠ ৯৬৫ টা ভোটগ্ৰহণ কেন্দ্ৰৰ ভিতৰত দূৰ্গম অঞ্চলত অৱস্থিত ১৬ টা ভোটগ্ৰহণ কেন্দ্ৰৰ বাবে প্ৰিজাইডিং-প’লিং বিষয়াৰ দল কাইলৈ অৰ্থাৎ ৫ মে’ত ৰাওনা হ’ব । তথা অৱশিষ্ট ৯৪৯ টা ভোটগ্ৰহণ কেন্দ্ৰৰ বিপৰীতে নিয়োজিত প্ৰিজাইডিং-প’লিং বিষয়াৰ দল ই ভি এম আৰু নিৰ্বাচনৰ যাৱতীয় সা-সামগ্ৰীসহ ৬ মে’ত নিজ নিজ ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা হ’ব।

মনকৰিবলগীয়া যে, জিলাখনত ইতিমধ্যে ২১৪ গৰাকী বয়স্ক আৰু ২১ গৰাকী দিব্যাংগ ভোটাৰে হোম ভোটিঙ ব্যৱস্থাৰ অধীনত পোষ্টেল বেলটৰ জৰিয়তে ঘৰৰ পৰাই ভোটদান কৰিছে।

উল্লেখ্য যে জিলাখনত সুকলমে আৰু শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ প্ৰক্ৰিয়া পৰিচালনা কৰাৰ বাবে নিয়োজিত প্ৰিজাইডিং আৰু প’লিং বিষয়াৰ সংখ্যা হৈছে ৪৪৬৮ গৰাকী । উল্লেখ্য যে, এইবাৰ লোকসভা নিৰ্বাচনত জিলাখনৰ মুঠ ১৯ টা ভোটগ্ৰহণ কেন্দ্ৰ কেৱল মহিলা প্ৰিজাইডিঙ-পলিঙ বিষয়াৰ দ্বাৰা, ১ টা ভোটগ্ৰহণ কেন্দ্ৰ কেৱল যুৱ প্ৰিজাইডিঙ-পলিঙ বিষয়া আৰু ১ টা দিব্যাংগ প্ৰিজাইডিঙ-পলিঙ বিষয়াৰ দ্বাৰা পৰিচালিত হ’ব। জিলাখনত মুঠ ৪ টা আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰ থাকিব। ভোটগ্ৰহণ প্ৰক্ৰিয়া সুকলমে অনুষ্ঠিত কৰাৰ বাবে পৰ্যাপ্ত সংখ্যক আৰক্ষী মোতায়ন কৰা হৈছে।

কামৰূপ জিলা প্ৰশাসনে সকলো ভোটাৰকে ভোটগ্ৰহণ কেন্দ্ৰৰ ভিতৰলৈ মোবাইল ফোন কঢ়িয়াই নিয়াৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছে। লগতে কামৰূপ জিলাৰ জিলা আয়ুক্ত কীৰ্তি জল্লীয়ে ৭ মে’ৰ দিনটোত ভোটাৰসকলক সন্ধিয়ালৈকে অপেক্ষা নকৰি সোনকালে ভোটগ্ৰহণ কেন্দ্ৰলৈ আহি ভোটদান কৰিবলৈ আৰু ৰ’দ বা বৰষুণ দিলে তাৰ পৰা পৰিত্ৰাণ পাবলৈ লগত ছাতি ৰাখিবলৈ আহ্বান জনাইছে। তেওঁ লগতে ৫ আৰু ৬ মে’ত প্ৰিজাইডিঙ–প’লিঙ বিষয়াসকল যিহেতুকে ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা হ’ব গতিকে ৰাজপথত যান-বাহনৰ কিছু ভীৰ থাকিব বুলিও উল্লেখ কৰে।

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *

Home
NEWS
Search