👈 বিল্ডিঙৰ পৰা জঁপিয়ালে দুই শিক্ষক পতি-পত্নীয়ে।
👈 ডিমৌ আৰক্ষী থানাৰ অন্তৰ্গত কুশল পথত অঘটন।
👈 চাৰিং হাফলুটিঙৰ শিক্ষক বিদ্যুৎ নাথ আৰু তেওঁৰ শিৱসাগৰৰ শিক্ষয়িত্ৰী পত্নী উপাসনা বৰগোহাঁয়ে তিনিমহলিয়া বিল্ডিঙৰ পৰা জঁপিয়াই চৰম পথ বাছি লোৱাৰ চেষ্টা চলায়। দুয়ো পতি-পত্নীয়ে ডিমৌৰ সমীপৰ জামিৰা আৰু নিতাইপুখুৰীত শিক্ষকতা কৰিছিল। কি কাৰণত শিক্ষক-শিক্ষয়িত্ৰীগৰাকীয়ে এই চৰম সিদ্ধান্ত বাছি ল’লে, সেয়া এতিয়াও জানিব পৰা হোৱা নাই। বিগত দুমাহ ধৰি ডিমৌ কুশল পথৰ ওম প্ৰকাশ গোস্বামী নামৰ ব্যক্তিগৰাকীৰ বাসগৃহৰ প্ৰথম মহলাত দুয়ো শিক্ষক-শিক্ষয়িত্ৰীয়ে ভাৰাতীয়া হিচাপে আছিল। সংকটজনক অৱস্থাত দুয়োকে ডিমৌ আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰায় যদিও সংকটজনক অৱস্থাত ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে।