লোক সভা নিৰ্বাচনত বৰপেটা সমষ্টিৰ বিজেপি প্ৰাৰ্থী ফণী ভূষন চৌধুৰীযে শুৱালকুছি অঞ্চলত কিমান ভোট লাভ কৰিব?? বিজেপি নেতা সকলে ভাবি থকাৰ দৰে বিৰোধী বুলিবৰ বাবে কোনো নাই বোলা ধাৰণাক ভুল প্ৰমাণিত কৰি এইবাৰ CPM দলে লাভ কৰিব অভূতপূৰ্ব সফলতা । বিজেপিয়ে ভবাৰ দৰে CPM দলে বহুত বেছি ২০০ ভোট পাব বুলি যি ধাৰণা লোৱা হৈছে সেয়া ৪ জুনত মিছা প্ৰমাণিত কৰি অতি কমেও তিনি হাজাৰ ভোট লাভ কৰিব CPM দলে ।। এই সংখ্যা পাছ হাজাৰ হোৱাটো ডাঙৰ কথা নহয় । অৱশ্যে এই ভোট CPM দলে পাব বুলি শুৱালকুছিৰ CPM কেইজনে ভাবি আনন্দ কৰি লাভ নাই এই ভোট পাব কেৱল মাত্ৰ মনোৰঞ্জন তালুকদাৰৰ ব্যক্তিত্বৰ বাবেহে । এই পৰিৱৰ্তন মিত্ৰজোঁটৰ কৰ্মী সকলে অনুমান কৰিব পৰা নাই যদিও ভিতৰি ভিতৰি ক্ষোভিত আৰু অন্য কেইবাটাও কাৰণত এইবাৰ লোক সভা নিৰ্বাচনত শুৱালকুছিৰ যথেষ্ট সংখ্যক ভোটাৰে কোনো দলীয় শক্তি নথকা কেৱল মাত্ৰ ভাল মানুহ বুলি জনৰব উঠা মনোৰঞ্জন তালুকদাৰক ভোট প্ৰদান কৰিছে। চাৰি জুনত ভোট গণনাৰ পাছত হয়তো শুৱালকুছিৰ ৰাজনৈতিক পৰিবেশ সলনি হব । গতানুগতিক ৰাজনীতিৰ পৰা ইতিমধ্যে সাধাৰণ জনতা বিতুষ্ট হৈছে বুলি প্ৰমাণ হোৱাৰ পাছতে ৰাজনৈতিক অংক সলনি হব আৰু যদি সলনি নহয় ইয়াৰ প্ৰভাৱ আগন্তুক বিধান সভা নিৰ্বাচনত বিজেপি বা বিজেপি নেতৃত্বৰ মিত্ৰ জোঁতে ফল ভুগিব লাগিব। সমষ্টি পুনৰ নিৰ্ধাৰণ পাছত বিজেপিৰ একছেতিয়া ৰাজনীতিৰ অৱসান যে হল সেই কথা অতি সোনকালে বিজেপি দলে অনুভৱ কৰিব পাৰিলে হয়তো বিজেপি দল সফল হব অন্যথা পৰৱৰ্তী সময়ত শুৱালকুছিৰ ৰাজনীতি ইমান সহজ নহব । বিশেষ কৈ নেতা নিৰ্বাচনৰ ক্ষেত্ৰত বিজেপি দল সাৱধান নহলে বিপদ নিশ্চিত । মূলত কা আন্দোলনৰ জৰিয়তে অসমৰ সম্পত্তি ধ্বংস কৰা পাছ জনক উচটাই মৃত্যুৰ মুখলৈ ঠেলি দিয়া লোকক বিজেপিয়ে নেতা পাতিলে মানুহে কিন্ত্ত গ্ৰহণ নকৰিব সেই কথা আগন্তুক সময়ত শুৱালকুছি বা হাজোৰ বিজেপি কৰ্মী সকলে মনত ৰখা ভাল ।
দিপু গোপী আৰ দাস