কলিয়াবৰত মহাপুৰুষ মাধৱদেৱৰ ৫৩৫ সংখ্যক আৱিৰ্ভাৱ তিথি উদযাপন।

0 minutes, 0 seconds Read

আজি মহাপুৰুষ মাধৱদেৱৰ ৫৩৫ সংখ্যক আবিৰ্ভাৱ তিথি। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰাল ভাৱে কলিয়াবৰতো গাৱে গাৱে উদযাপন কৰিছে গুৰুজনাৰ জন্মোৎসৱ। কলিয়াবৰৰ কটিয়াগাঁও কীৰ্তন গৃহতো শ্ৰীমন্ত শংকৰদেৱ সংঘ পশ্চিম কলিয়াবৰ প্ৰাথমিক শাখাৰ ব্যৱস্থাপনাত দিন জোৰা কাৰ্যসূচীৰে উদযাপন কৰিছে গুৰুজনাৰ ৫৩৫ তম আবিৰ্ভাৱ তিথি। পুৱা ধৰ্মধ্বজা উত্তোলন আৰু প্ৰাতঃপ্ৰসংগৰ পিছতে অনুষ্ঠিত হয় ভাগৱত পাঠ আৰু ব্যাখ্যানুষ্ঠানৰ লগতে এখনি ধৰ্মালোচনী সভাৰ। গুৰুজনাৰ আবিৰ্ভাৱ তিথিৰ অনুষ্ঠান ভাগত পশ্চিম কলিয়াবৰ প্ৰাথমিক শাখাৰ বাপ আৰু আই মাতৃ সকলৰ লগতে ভালে সংখ্যক বিশিষ্ট ধৰ্মালোচক উপস্থিত থাকে। সন্ধিয়াৰ ভাগত গুৰুজনাক স্মৰণ কৰি নামঘৰ চৌহদৰ লগতে সকলো গৃহস্থৰ বাসগৃহৰ সন্মুখত এগছিকৈ বন্তি প্ৰজ্জ্বলনৰ কাৰ্যসূচী ৰূপায়ন কৰা হয় ।

কলিয়াবৰৰ পৰা অনুপ বৰা।

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *

Home
NEWS
Search