অসমৰ ধৰ্মীয় সমাজত প্ৰচলিত বিভিন্ন নামৰ ভিতৰত অন্যতম হৈছে নাগাৰা নাম। নামনি অসমৰ নলবাৰী, দৰং, কামৰূপ জিলা আদিত নাগাৰা নামৰ প্ৰচলন আছে৷ নাগাৰা নামত ব্যৱহৃত গীত-পদ আৰু সংলাপ নামনিৰ কথিত ভাষাত ৰচিত হোৱা বাবে উজনি অসমত বহুলভাৱে প্ৰচলিত নহয় যদিও শেহতীয়াকৈ উজনি অসমৰ ফালেও নাগাৰা নাম শুনা যায়। অসমীয়া সমাজত নাগাৰা নামৰ দৰে ধৰ্মীয় পৰিবেশ্য কলাবোৰে যুগ-যুগ ধৰি শান্তি আৰু আধ্যাত্মিক পৰিৱেশ বজাই ৰাখিবলৈ সক্ষম হৈছে। নৱৰসৰ সমাহাৰ হোৱা নাগাৰা নামত কীৰ্তন, ভাগৱত, পুৰাণ, গীতা ইত্যাদিৰ পৰা কাহিনী এভাগ লৈ ইয়াক নাটকীয় ৰূপ দি প্ৰচাৰ কৰা হয়। অসমীয়া লোক সংস্কৃতিত নাগাৰা নামৰ এক বিশেষ অৱদান আছে। নাগাৰা নামে অসমীয়া ভাষা প্রচাৰ, আধ্যাত্মিক ভাব প্ৰকাশ, লোকসংস্কৃতিৰ সবলীকৰণৰ লগতে এখন সুস্থ সমাজ গঢ়াত গুৰুত্বপুর্ণ ভূমিকা গ্রহণ কৰি আহিছে। নাগাৰা নাম কেতিয়াৰ পৰা প্ৰচলন হৈ আহিছে এই সম্পৰ্কে জনা নাযায়।নাগাৰাক মূল বাদ্য হিচাপে লৈ পৰিৱেশন কৰা এক লোক-পৰিৱেশ্য কলা৷ নাগাৰা নামত পাঠক জনক কেন্দ্ৰ কৰি পালি সকলে অৰ্ধবৃত্তাকাৰ আকৃতিত বহে আৰু পাঠকজনে মূল নামটো থিয় হৈ পৰিৱেশন কৰে।নাগৰা নামৰ প্রচাৰত পাঠক প্ৰয়াত কুশল মালাকাৰ, প্ৰয়াত মহেন্দ্ৰ দাস, ৰাম চৰণ ভড়ালী, কৈলাশ তালুকদাৰ, বসন্ত বায়ন, সুভাষ নাথ, বৈজয়ন্তী তালুকদাৰ আদিৰ লগতে নব প্ৰজন্মৰ পাঠক পাঠিকাসকলে নাগাৰা নামক অসমীয়া লোক সংস্কৃতিৰ অন্যতম অংশস্বৰূপে বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠিত কৰাবৰ বাবে সময়ে সময়ে নাগাৰা নামৰ লগত জড়িত শিল্পীসকলে ভিন্ন পদক্ষেপ লোৱা দেখা যায়। নাগাৰা নামৰ লগত জড়িত শিল্পীসকলক ৰাজ্য চৰকাৰে শিল্পী সন্মানৰে সন্মানিত কৰিছে ঠিকেই। অসমীয়া লোক সংস্কৃতিৰ অন্যতম নাগাৰা নামৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত অসম চৰকাৰে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিলে নিশ্চয়কৈ নাগাৰা নাম বিশ্ব দৰবাৰত প্ৰতিষ্ঠা হ’ব বুলি আশা কৰিব পাৰি। আশা কৰিছোঁ প্ৰতিজন অসমীয়াৰ গৌৰৱ হৈ পৰক নাগাৰা নাম।
সোণমণি মালাকৰ
হাজো, সাতদলা
ফোন – ৮১৩৫০৬৭৭৭৪