শনিবাৰে নিশা আমিনগাঁৱৰ ইছপাত নগৰত এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে। জোনালী হাজৰিকা কলিতা নামৰ এগৰাকী মহিলাই উতলা গৰম তেলৰে এটা মহিলাৰ দলক আক্ৰমণ কৰাত এগৰাকী শিশুসহ পাঁচগৰাকী মহিলাৰ গুৰুতৰভাৱে আহত হৈছে। আনহাতে আহত মহিলাসকলৰ ভিতৰত আছে মিনতি বড়ো, চকিনা বিবি, প্রীতি বেগম, পদুমী বড়ো আৰু মিনা বড়ো। ঘটনাত আঘাতপ্রাপ্তসকলক নিশাই জিএমচিএইচলৈ প্ৰেৰণ কৰা হৈছে। ঘটনা সন্দৰ্ভত ভূক্তভোগীৰ পৰিয়ালে উত্তৰ গুৱাহাটী (গৌৰীপুৰ) আৰক্ষী চকীত এজাহাৰৰ দাখিল কৰিছে। আৰক্ষীয়ে আক্রমণকাৰী জোনাকী হাজৰিকা কলিতাক আটক কৰি আৰম্ভ কৰিছে তদন্ত। তথ্য অনুসৰি এক ঘটনাক কেন্দ্ৰ কৰি জোনালীয়ে শুকুৰবাৰে আক্ৰমণ কৰিছিল প্রতিবেশী মহিলাক। তাৰ পিছতেই স্থানীয় মহিলাসকলে অনুষ্ঠিত কৰিছিল ‘বিচাৰ মেল’। উক্ত ৰাজহুৱা বিচাৰ মেললৈ জোনালীক মাতা হৈছিল যদিও জোনালীয়ে ৰাইজৰ কথাত গুৰুত্ব নিদি মেলত উপস্থিত হোৱা নাছিল। তাকে লৈ মহিলাসকলে জবাবদিহী কৰিছিল আক্ৰমণকাৰী জোনালীক। ব্যৱসায়ৰ বাবে গৰম পকৰি ভাজি থকা জোনালীয়ে প্রথমে মহিলাসকলৰ লগত তর্কযুদ্ধত লিপ্ত হয় যদিও পিছলৈ উতলা গৰম তেলেৰে আক্ৰমণ কৰে মহিলাৰ দলটোক। এই সমগ্র ঘটনাক কেন্দ্ৰ কৰি আমিনগাঁও ইছপাত নগৰত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে আৰু দোষীক উপযুক্ত শাস্তি বিহিবলৈ দাবী জনোৱা হৈছে।
উত্তৰ গুৱাহাটীৰ পৰা উৎপল তামুলী