শিক্ষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ লগতে সমাজ বিৰুধী কাৰ্যকলাপ তথা সংখ্যালঘু জনাসাধাৰণৰ হৈ মাত মতাৰ উদ্দেশ্য আত্ম প্ৰকাশ কৰিছিল সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থাই। কলিয়াবৰতো সংখ্যালঘু বসতি প্ৰধান অঞ্চল বৰঘুলীত আমছুৰ আঞ্চলিক সমিতি গঠন কৰা হয়। হিবজুল মোজিহিদক সভাপতি আৰু ওমৰ ফাৰুক ক সাধাৰণ সম্পাদক হিচাপে লৈ গঠন হোৱা ৫১ জনীয়া কমিটিখনৰ যোৱা কালি অনুষ্ঠিত হয় শপত গ্ৰহণ কাৰ্যসূচী। অসম সংখ্যালঘু ছাত্ৰ সন্থা কলিয়াবৰ জিলা সমিতিৰ সভাপতি ৰকিবুল হুদা ফৰাজীৰ সভাপতিত্বত অনুষ্ঠিত সভাখনতে নৱ নিৰ্বাচিত বিষয়-ববিয়া সকলক শপত বাক্য পাঠ কৰোৱা হয়। সভাত উপস্থিত থাকে সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থাৰ প্ৰাক্তন উপ-সভাপতি আব্দুৰ নুৰ, কলিয়াবৰ জিলা সমিতিৰ প্ৰাক্তন সভাপতি ৰমজান আলী, কলিয়াবৰ জিলা সমিতিৰ প্ৰাক্তন সাধাৰণ সম্পাদক ছাইদুল ইছলামকে ধৰি ভালে সংখ্যাক বিশিষ্ট ব্যক্তি ।
কলিয়াবৰৰ পৰা অনুপ বৰা।