সদৌ অসম কবি মঞ্চৰ তৰফৰ পৰা হেমন্ত কলিতালৈ প্ৰজ্ঞাশ্ৰী সন্মান

0 minutes, 0 seconds Read

অসমীয়া সাহিত্য জগতলৈ অনবদ্য অৱদান আগবঢ়োৱা বিশিষ্ট সাহিত্যকৰ্মী , কবি তথা সাংবাদিক হেমন্ত কলিতা (হেমেন) লৈ আগবঢ়োৱা হৈছে “প্ৰজ্ঞাশ্ৰী” সন্মান ৷ সদৌ অসম কবি মঞ্চই কলিতালৈ এই সন্মান আগবঢ়াইছে ৷ অসম সাহিত্য সভাৰ মাতৃভাষা-ৰাজ্যভাষা প্ৰয়োগ সমিতিৰ আহ্বায়কৰ দ্বায়িত্বত থকা ৰঙিয়াৰ হেমন্ত কলিতালৈ অহা আগষ্ট মাহত আনুষ্ঠানিকভাৱে এই সন্মান প্ৰদান কৰিব বুলি সদৌ অসম কবি মঞ্চৰ সভাপতি জাভেদ জামান আৰু প্ৰধান সম্পাদক জিতু কাঞ্চনে জানিবলৈ দিছে ৷ উল্লেখযোগ্য যে নিৰবিছিন্ন ভাবে সাহিত্য চৰ্চাত ব্ৰতী হৈ সাহিত্য কৰ্ম কৰি অহা হেমন্ত কলিতা অসমৰ এগৰাকী উদিয়মান কবি হিচাপে প্ৰতিষ্ঠা লাভ কৰাৰ উপৰিও ৰূপহী ৰঙিয়া, জগদ্ধাত্ৰীকে ধৰি কেইবাখনো মূল্যবান গ্ৰন্থ সম্পাদনা কৰিছে । ইয়াৰোপৰি “বহুদিনেই হল” শিৰোনামেৰে প্ৰকাশিত কাব্যগ্ৰন্থ খনে কবি সমাজত যথেষ্ট সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে । অসংখ্য গল্প প্ৰবদ্ধ কবিতা পাঠক সমাজলৈ আগবাঢ়োৱা শ্ৰী কলিতালৈ সদৌ অসম কবি মঞ্চই প্ৰদান কৰা সন্মানৰ বাবে সকলোৱে কবি মঞ্চক ধন্যবাদ জ্ঞাপন কৰিছে ।

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *

Home
NEWS
Search