সাৱধান! খুলি দিয়া হৈছে খানদং বান্ধৰ ৭ খনকৈ গেট। হোৰাহোৰে বৃদ্ধি পাইছে নিপকোৰ জলস্তৰ।
প্রকল্পটোৰ পানীয়ে যিকোনো মুহূর্ততে চলাব পাৰে ভয়ংকৰ সংহাৰ। স্থানীয় নৈপৰীয়া অঞ্চলবাসী ৰাইজক সাৱধানে থকাৰ আহ্বান।
মেঘালয় আৰু উমৰাংচুত বিগত ৪৮ ঘণ্টা ধাৰাসাৰ বৰষুণৰ বাবে ওফন্দি উঠিছে প্রকল্পটোৰ জলস্তৰ । প্রকল্পটোৰ পানীয়ে যিকোনো মুহূর্ততে চলাব পাৰে ভয়ংকৰ সংহাৰ ।
কালঘূর্ণী ‘ৰেমাল’ৰ প্ৰভাৱত অসম, উত্তৰ পূবত অব্যাহত প্রচণ্ড ধুমুহা, বৰষুণ । অসম মেঘালয় সীমান্তৰ খানদং বান্ধৰ গেট খুলি নিদিলেও বান্ধৰ ওপৰত ভাবুকি অহাৰ সম্ভাৱনা।