দৰং-ওদালগুৰি ৰ একমাত্ৰ ভৰসাৰ স্থল হৈছে মঙলদৈ অসামৰিক চিকিৎসালয়।
বিশেষকৈ দুয়োখন জিলাৰ দৰিদ্ৰ লোক সকলে বিভিন্ন ৰোগৰ চিকিৎসাৰ বাবে চিকিৎসালয় খনলৈ আহে।
পিছে চিকিৎসালয় খনৰ ৰেহৰূপ দেখি চকু কপালত উঠে সকলোৰে। নিশাৰ ভাগত বিদ্যুৎ কৰ্তন হলেই মঙলদৈ অসামৰিক চিকিৎসালয়ত মম জ্বলাই ৰোগীৰ চিকিৎসা কৰাব লগা হয়।
কৰ্তব্যৰত নাৰ্চে মোবাইলৰ টৰ্চ জ্বলাই কৰে যাৱতীয় কামকাজ।
চিকিৎসালয় খনত থকা এক হাজাৰ টকীয়া আছুতীয়া কেবিনত ৰোগীক দিব পৰা নাই বিজুলী।
যোগান ধৰিব নোৱাৰে সাধাৰণ সুবিধা খিনিও।
এয়া মঙলদৈ অসামৰিক চিকিৎসালয়ৰ নিশাৰ দৃশ্য,,,
সততে উন্নয়নৰ ঢাকঢোল বজোৱা চৰকাৰ খনে চিকিৎসা বিভাগত কি উন্নয়ন কৰিছে সেইয়া এই ছবি খন দেখিলেই অনুধাৱন কৰিব পাৰিব।
ক’ত যায় মঙলদৈ অসামৰিক চিকিৎসালয়লৈ বছৰি অহা উন্নয়নৰ ধন।
দুদিন পুৰ্বে এগৰাকী বৃদ্ধ মাতৃক স্বাস্থ্যৰ অৱনতি হোৱা হেতুকে ভৰ্তি কৰাইছিল মঙলদৈ অসামৰিক চিকিৎসালয়ত।
লাইট ফেন নোহোৱা কাৰনে মাত্ৰ এদিন ৰাখি লৈ যাবলগীয়া হৈছিল ঘৰলৈ। আজি আকৌ সেই বৃদ্ধা গৰাকীৰ পুনৰ স্বাস্থ্যৰ অৱনতি হোৱাত চিকিৎসালয়ত ভৰ্তি কৰাই যদিও চিকিৎসালয় খনৰ আভ্যন্তৰীণ ৰূপ দেখি হতচকিত হয় ৰোগীৰ পৰিয়াল।
নাই ফেন,নাই কোনো পৰিবেশ।
এতিয়া প্ৰশ্ন হয় ১০০০/- টকা ৰুমৰ বাবে লোৱা অংশৰ ধন ক’ত খৰছ কৰে মঙলদৈ অসামৰিক চিকিৎসালয়ে।
উল্লেখযোগ্য যে যোৱা দুদিন পূৰ্বে বৃত্তিয় কেলেংকাৰীৰ বাবে মঙলদৈ অসামৰিক চিকিৎসালয়ৰ গাণনিকক ধনৰ লুনঠনৰ বাবে আটক কৰিছিল মঙলদৈ আৰক্ষীয়ে।