বিদ্যুতৰ মাচুল বৃদ্ধি ৰোধ কৰাৰ লগতে নিয়মীয়া কৈ বিদ্যুৎ যোগান ধৰাৰ দাবী তুলি চন্দ্ৰপুৰ আঞ্চলিক ছাত্ৰ সন্থাই দাহ কৰিলে শক্তি বিভাগক ।
চন্দ্ৰপুৰ হাই স্কুল তিনিআলিত শক্তি বিভাগৰ প্ৰতিকৃতি দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ সংগঠনটোয়ে ।
প্ৰতিবাদী সকলে শক্তি বিভাগ হাই হাই , নিয়মীয়া কৈ বিদ্যুৎ যোগান ধৰিব নোৱাৰা শক্তি মন্ত্ৰী নন্দিতা গাৰ্লছা মূর্দাবাদ , বিদ্যুতৰ মাচুল বৃদ্ধি কৰাটো বন্ধ কৰক , অসম চৰকাৰ হুচিয়াৰ আদি শ্লোগান দি পৰিবেশ উত্তাল কৰি তোলে
জয়ন্ত দাস