সমগ্ৰ ৰাজ্যতে বিদ্যুৎ মাছুল বৃদ্ধি আৰু অনিয়মীয়া বিদ্যুৎ যোগানৰ প্ৰতিবাদত আজি ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থাই এক প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰে । ছাত্ৰ সন্থাৰ প্ৰতিবাদকাৰী সকলে আজি দিনৰ ১১.৩০ বজাত ৰঙিয়া হাইৱে চ’কত উপস্থিত হৈ ৰাজ্যৰ শক্তি বিভাগৰ পুত্তলিকা দাহ কৰে । সদৌ অসম ছাত্র সন্থাই ঘোষণা কৰা প্ৰতিকৃতি দাহ কাৰ্য্যসূচীত ৰঙিয়া আঞ্চলিক ছাত্র সন্থাৰ বিষয়ববীয়া সকলৰ লগতে কামৰূপ জিলা ছাত্ৰ সন্থাৰ সভাপতি তৌফিকৰ ৰহমান উপস্থিত থাকি ৰাজ্যৰ শক্তি বিভাগৰ লগতে শক্তি মন্ত্ৰী গৰাকীক তীব্ৰ ভাষাৰে সমালোচনা কৰে । বিদ্যুত মাচুল বৃদ্ধিৰ লগতে বিদ্যুতৰ অনিয়মীয়াৰ ক্ষেত্ৰত শক্তি মন্ত্ৰী গৰাকীয়ে প্ৰতিশ্ৰুতি ৰক্ষা কৰিব পৰা নাই বুলি অভিযোগ কৰে ছাত্ৰ নেতা গৰাকীয়ে ।
ৰঙিয়াৰ পৰা চফিকুল আহমেদ