কলিয়াবৰৰ কুঠৰীৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত নৱনিৰ্মিত দলঙ এতিয়া পৰিণত হৈছে মৰণফান্দলৈ। নিৰ্মাণৰ এমাহ নহওতেই দলঙৰ দুই মুৰৰ পথ বহি যোৱাৰ লগতে খহি গৈছে পথৰ কাষৰ মাটি। ঘাইপথচোৱাত এতিয়া মেলিছে বৃহৎ বৃহৎ ফাট।
বিভাগীয় কৰ্তৃপক্ষৰ অমনোযোগিতাৰ সুযোগ গ্ৰহণ কৰি ঠিকাদাৰে নিম্নমানৰ কাম কৰাৰ অভিযোগ স্থানীয় লোকৰ। যাৰ ফলত ক্ৰমাণ্বয়ে ঘাইপথচোৱা খহি যোৱাৰ উপক্ৰম ঘটিছে। অনাগত কিছুদিন বৰষুণ দিলেই দলঙ সংযোগী পথচোৱা খহি নিচিহ্ন হোৱাৰ আশংকাই দেখা দিছে।
যিকোনো সময়তে কুঠৰীৰ এই নৱনিৰ্মিত দলঙখনৰ সমীপত সংঘটিত হ’ব পাৰে দুৰ্ঘটনা। বিপদত পৰিব পাৰে উজনি-নামনিৰ যাত্ৰী।
কুঠৰীৰ এই দলং তথা দলং সংযোগী পথচোৱা নিৰ্মাণত সংঘটিত দুৰ্নীতি-অনিয়মৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষ তথা প্ৰশাসক দাবী জনাইছে স্থানীয় সচেতন মহলে
কলিয়াবৰৰ পৰা অনুপ বৰা।