দৌলাশালত শিশু সাহিত্যিক গগন চন্দ্ৰ অধিকাৰীক স্মৰণ বিৰিণা গোষ্ঠী-অসমৰ

0 minutes, 1 second Read

বিহু বিষয়ক বাৰ্ষিক আলোচনী বিৰিণাৰ পাত উন্মোচন

অসম লোক সেৱা আয়োগৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ কৃতিমান মোজাম্মিল হকক সম্বৰ্ধনা বিৰিণা গোষ্ঠী-অসমৰ

অসমৰ অন্যতম সাহিত্য-সাংস্কৃতিক অনুষ্ঠান বিৰিণা গোষ্ঠী-অসমৰ জুন মাহৰ সাহিত্য আলাপ “বিৰিণা বৈভৱ”, শিশু সাহিত্যিক গগন চন্দ্ৰ অধিকাৰীৰ জন্মদিন উপলক্ষ্যে স্মৃতিচাৰণ সভা শনিবাৰে সন্ধিয়া নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ দৌলাশাল হাইস্কুলত অনুষ্ঠিত হৈ যায়। গোষ্ঠীটোৰ কেন্দ্ৰীয় সভাপতি লীলাধৰ পাঠকৰ সভাপতিত্বত অনুষ্ঠিত সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে গোষ্ঠীটোৰ সম্পাদক তফিকুৰ ৰহমানে। অনুষ্ঠানটোত বন্তি প্ৰজ্বালন কৰে সদৌ অসম সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক তথা গোষ্ঠীটোৰ উপদেষ্টা নকুল তালুকদাৰে। শিশু সাহিত্যিক গগন চন্দ্ৰ অধিকাৰীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে শিক্ষাব্ৰতী ৰোহিণী কুমাৰ দাসে আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মুকলি কৰে দৌলাশাল উন্নতি সাধিনী সভাৰ সভাপতি গুৰুচৰণ পাঠকে। উক্ত অনুষ্ঠানতেই গোষ্ঠীটোৰ বিহু বিষয়ক বাৰ্ষিক আলোচনী “বিৰিণাৰ পাত”ৰ দশম বছৰৰ সংখ্যাটো উন্মোচন কৰে প্ৰগতিশীল লেখক তথা বৰক্ষেত্ৰী ছিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ প্ৰবক্তা পৰীক্ষিত বৈশ্যই। অলপতে অসম লোকসেৱা আয়োগে ঘোষণা কৰা আৰবান টেকনিকেল অফিচাৰ পদৰ ১৫ নম্বৰ স্থানত উজলি উঠা বৰপেটা জিলাৰ মাজদিয়া-গৰেমাৰীৰ কৃতিমান মোজাম্মিল হকক বিৰিণা গোষ্ঠী-অসমে উক্ত সভাতেই বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰে। বিৰিণাৰ নামবচা গামোচা, অভিনন্দন পত্ৰ আৰু ফুলাম জাপিৰে সম্বৰ্ধনা জ্ঞাপন কৰা কৃতিমান মোজাম্মিল হকক। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি গগন চন্দ্ৰ অধিকাৰীৰ জীৱন-দৰ্শনৰ ওপৰত বক্তব্য প্ৰদান কৰে শিক্ষাবিদ খগেন্দ্ৰনাথ মেধিয়ে। গোষ্ঠীটোৰ উপ সভাপতি জিয়াউৰ ৰহমানে কবিতা পাঠ কৰাৰ লগতে কেইবাগৰাকীও বিশিষ্ট লোকে শিশু সাহিত্যিক গগন চন্দ্ৰ অধিকাৰীৰ সাহিত্যকৃতি সম্পৰ্কে আলোকপাত কৰে। গোষ্ঠীটোৰ কোষাধ্যক্ষ বনজিৎ বৈশ্যই শলাগৰ শৰাই আগবঢ়োৱাৰ পাছত অসম সংগীত পৰিবেশনেৰে সভাৰ সামৰণি পেলোৱা হয়।

মুকালমুৱাৰ পৰা সুৰজিৎ পাঠক

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *

Home
NEWS
Search