হাজোৰ পাকৰকোনাত তেল পৰিবাহী পাইপ ফুটাই তেল চুৰিৰ ঘটনা

0 minutes, 1 second Read

কামৰূপ জিলাৰ হাজো ৰাজহ চক্ৰৰ অন্তৰ্গত পাকৰকোনাত সংঘটিত হৈছে আণ্ডাৰগ্ৰাউণ্ড তেল পৰিবাহী পাইপ ফুটাই তেল চুৰিৰ ঘটনা।এই তেল চুৰিৰ ঘটনাৰ সৈতে জড়িতৰ সন্দেহত এখন পিকআপ ভান সহ চাৰিজন ব্যক্তিক আটক কৰে আৰক্ষীয়ে।আটকাধীন তেল চুৰিৰ ঘটনাৰ সৈতে জড়িতৰ অভিযোগত অভিযুক্ত ব্যক্তি চাৰিজন হৈছে মাষ্টাৰ মাইন তিনিচুকীয়া – মিলনপতিৰ গোপাল আগৰৱালা, ধুবুৰী- চাপৰৰ গোপাল বৰ্মন, পাকৰকোনাৰ দিলীপ দাস আৰু কুলহাটী-ভাটিপাৰাৰ পদ্মৰাম দাস। জানিব পৰা মতে, গোপাল আগৰৱালা আৰু গোপাল বৰ্মনে কুলহাটী ভাটিপাৰাৰ পদ্মৰাম দাসৰ ঘৰত ভাৰতীয় হিচাপে আছিল।এই ক্ষেত্ৰত সহযোগিতা আগবঢ়াইছিল পাকৰকোনাৰ দিলীপ দাসে।এই তেল চুৰি চক্ৰটোৱে পাকৰকোনাত আণ্ডাৰগ্ৰাউণ্ড তেল পৰিবাহী পাইপ ফুটা কৰি প্ৰায় দুশ মিটাৰ দূৰত্বত ডেম্পত মজুত কৰিছিল।তেল চুৰি চক্ৰটোৱে এ এছ ০১ ডি ডি – ৮১৩৮ নম্বৰৰ এখন পিকআপ ভানত তেলৰ ড্ৰাম ৰাখি ওপৰত ভঙা-চিগা বটল জাপি তেল সৰবৰাহ কৰিছিল।তেনে সময়তে তেল পৰিবাহী বাহনখন গাতত সোমাই বন্ধ হৈ পৰাত ওলাই পৰে জোলোঙাৰ মেকুৰী।একাংশ ৰাইজে বাহনখনত ভঙা-চিগা বটলৰ তলত তেলৰ ড্ৰাম প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ কৰে।আৰক্ষীয়ে ঘটনাস্থলিত উপস্থিত হৈ ড্ৰামভৰ্তি বাহনখন জব্দ কৰাৰ লগতে গোপাল আগৰৱালা, গোপাল বৰ্মন, দিলীপ দাস আৰু পদ্মৰাম দাসক আটক কৰে।অৱশ্যে আৰক্ষীয়ে দিলীপ দাসৰ ঘৰৰ পৰা তিনিটা খালি ড্ৰাম আৰু প্ৰায় বিশ লিটাৰ চোৰাং তেল উদ্ধাৰ কৰে বুলি জানিব পৰা গৈছে।

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *

Home
NEWS
Search