বিশ্বপৰিবেশ দিৱসৰ অনুভৱ

0 minutes, 0 seconds Read

আজি ৫ জুন বিশ্বপৰিবেশ দিৱসৰ দিনা অনুভৱ কৰিছোঁ গছবোৰ ৰোপণ কৰিলে হ’ব কি?উন্নয়নৰ ধামখুমীয়াত সকলো ওলত পালত হৈ যায় দেখো৷মোৰ ঘৰ শুৱালকুছিত৷ শিঙিমাৰী শুৱালকুছি পথছোৱা বহল কৰোতে দুয়োকাষৰ প্ৰকাণ্ড প্ৰকাণ্ড পুৰণি গছবোৰ বুলডেজাৰেৰে যিদিনা বগৰাই দিছিল সেইদিনকেইটাৰ কথা মনত পৰিলে চকুকেইটা সিক্ত হৈ পৰে৷কেবল শুৱালকুছি শিঙিমাৰী পথতেই যে গছ কটা গৈছে তেনে নহয় অসমৰ বিভিন্ন ঠাইত অনেক মুল্যবান গছ কটা গৈছে৷কোনো এজন সমাজ সচেতন লোক অথবা সমাজসেৱী সংগঠনে গছৰ ধংস লীলা দেখিও নিৰ্বাক হৈ থাকিল ৷আজি বিশ্ব পৰিবেশৰ দিনা গছপুলি পুতিলে কি হ’ব৷গছবোৰ নকটাকৈ উন্নয়নক আদৰিবলৈ যত্ন কৰক৷আমি নিজেও নব্বৈৰ দশকত উক্ত শুৱালকুছি সংযোগী অংশৰপথছোৱাত একাধিক গছ ৰোপণ কৰিছিলোঁ৷গছবোৰ ডাঙৰ হৈ আহিল ভাবিছিলোঁ গছবোৰ মই নাথাকিলেও থাকিব হায় কি বিধিৰ বিপাক চকুৰ আগতেই উন্নয়ন নামৰ দৈত্যই সিহতক বগৰাই দিলে ৷দেখি বিষণ্ণবদনে হা হুমুনিয়াহ কাঢ়ি বাকৰুদ্ধ হৈ পৰিলোঁ৷শুনা কথা সাত হাজাৰ মান গছ কটা গৈছে!গতিকে গছ কাটিবলৈ আমি গছ ৰোপণ নকৰাই ভাল ৷হাজো বংশৰ ফোৰলেনৰ দুয়োকাষে চৰকাৰে কিছুমান কৃষ্ণচুড়া পুতিছে গছবোৰৰ মাজে মাজে বহুগছ মৰি গৈছে৷তাত কাম কৰি থকা শ্ৰমিক কেইজনক সুধিলো গছ মৰি যোৱা ঠাইখিনিত পুনৰ গছ পুতি দিবনে?তেওঁলোকে কলে দাদা কি কব বৃক্ষৰোপণ আচনিখনত গছপোটা মানুহ বেলেগ আৰু পানী দিয়া মানুহ বেলেগ আমি দাদা পানী দিয়া মানুহহে৷গছ পোতা মানুহ নহয়৷গছপোতা মানুহে পুলিবোৰ ৰদত দেইপুৰি গলেও পানী নিদিয়ে গতিকে আমি পানী দিয়া মানুহ গছ পুতিম কিয়?সিহঁতৰ কথাবোৰ শুনি থৰ লাগিলোঁ চৰকাৰে বৃষৰোপণ আচনিখন সফল কৰি তুলিবলৈ এটা এজেঞ্চিক দায়িত্ব নিদিয়ে কিয়?বিশ্ব পৰিবেশ দিৱস পাতি ঢাকঢোল বজালে কি হ’ব বাৰু?বিশ্বখন সেউজীয়া হওক বুলি আমি সকলোৱে গছ ৰোপণ কৰিলোঁ কিছুদিন পিছত সেইবোৰ কাটিপেলোৱা হ’ল ?সেয়েহে বিশ্বপৰিবেশ দিৱসৰ দিনটোত মনটো বিষণ্ণ হৈ থাকে৷ ঘৰৰ সোণাৰু কেইজোপা চাই স্বগতোক্তি কৰো বাচাহত তহতক উন্নয়নৰ ঢৌৱে কোবাই নাযাওঁক৷তহতৰ লমালমে লগা হালধীয়া ফুলবোৰে আকাশৰ নীলাৰ লগত মিতিৰালি পাতি পৃথিৱী খন সুন্দৰ কৰি ৰাখক৷
ৰঞ্জিত কুমাৰ মহন্ত
শুৱালকুছি

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *

Home
NEWS
Search