শুৱালকুছিৰ নৃত্য শিল্পী গীতাঞ্জলি কলিতালৈ একতা ৰাষ্ট্ৰীয় বঁটা

0 minutes, 0 seconds Read

কামৰূপ জিলাৰ বস্ত্ৰনগৰী শুৱালকুছিৰ এগৰাকী নৃত্যশিল্পী গীতাঞ্জলি কলিতা । সৰুৰে পৰা নৃত্যকে জীৱনৰ মূলমন্ত্ৰ হিচাপে গ্ৰহণ কৰা গীতাঞ্জলীৰ জীৱনৰ বহু উত্থান পতনৰ মাজেৰে আজিৰ এগৰাকী অসমৰ চিনাকি নৃত্যশিল্পী হিচাপে নিজক প্ৰতিষ্ঠা কৰিছে । বহু ঘাট প্ৰতিঘাট প্ৰত্যাহ্বান গ্ৰহণ কৰি একনিষ্ঠ ভাবে নৃত্যৰ জগত খনত আগবাঢ়ি যোৱা গীতাঞ্জলি কলিতাই শেহতীয়া ভাবে উৰিষ্যাত লাভ কৰিলে বিশেষ সন্মান ।
লোকনৃত্য আৰু সত্ৰীয়া নৃত্য পৰিৱেশনৰে এক সুকীয়া আসন দখল কৰিবলৈ সক্ষম হোৱা গীতাঞ্জলিক উৰিষ্যাৰ একতা পৰিষদ আৰু প্রজে” পইন্টে এইবেলি ২০২৪ বর্ষৰ একতা ৰাষ্ট্ৰীয় বঁটা প্রদান কৰিব। সমগ্ৰ ভাৰতবর্ষৰ বিভিন্ন ক্ষেত্ৰৰ মুঠ ২৫ গৰাকী ব্যক্তিৰ লগতে শুৱালকুছিৰো নৃত্য শিল্পী গীতাঞ্জলি কলিতাক এই বঁটাৰ বাবে মনোনীত কৰাৰ বাবে প্ৰতিগৰাকী সাংস্কৃতিক মনৰ লোকে অভিনন্দন জ্ঞাপন কৰিছে । অহা ৯ জুনত উৰিষ্যাৰ বানপুৰত প্ৰদান কৰা হব এই বঁটা । গীতাঞ্জলিয়ে ইতিমধ্যে ভাৰতৰ বিভিন্ন ৰাজ্যত অসমৰ লোকনৃত্য আৰু সত্ৰীয়া নৃত্য পৰিৱেশন কৰি পৰিবেশ্য কলাৰে বিভিন্ন বঁটা আজুৰি আনিবলৈ সক্ষম হৈছে। তেওঁ শুৱালকুছিত নটৰাজ কলাকেন্দ্র আৰু গুৱাহাটীত মহাবাহু আর্ট এণ্ড কালচাৰেল একাডেমী নামেবে দুটা নৃত্য প্রশিক্ষণ কেন্দ্র স্থাপন কৰি কণ কণ শিশুসকলক নৃত্য প্রশিক্ষণ দি সাংস্কৃতিক পথাৰ চহকী কৰি আহিছে । গীতাঞ্জলি কলিতা ন-টোল নিবাসী প্রয়াত পিতৃ মাতৃ হৰেণ কলিতা আৰু স্বর্ণলতা কলিতাৰ কন্যা। উল্লেখ্য যে গীতাঞ্জলি কলিতাৰ স্বামী নিতুল দাস এগৰাকী সাংস্কৃতিক কৰ্মীৰ লগতে এগৰাকী ঢুলীয়া হিচাপে বিশেষ সুনাম আছে । দুয়ো গৰাকী স্বামী স্ত্ৰীৰ এই সাংস্কৃতিক যাত্ৰাত স্পষ্টবাদ অসমৰ তৰফৰ পৰাও আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ ।

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *

Home
NEWS
Search