খুমটাইৰ মৃণাল শইকীয়াক ফেপেৰি পাতি ধৰো নেকি?

0 minutes, 1 second Read

কিহৰ প্ৰাইডৰ কথা কৈ আছে হে শইকীয়া মহাশয়? আমিওতো ভাবি থাকিছিলো উজনি অসমখন খাঁটি অসমীয়াৰে ভৰি আছে! যি চাহ, তেল, কয়লাৰ কথা কৈছে, সেইবোৰৰ মালিক কোন? ব্যৱসায় বুলিলে দেখোন গোটেই খন জালান, চেৰাউগী, শ্বাহ, সিং মখাই ভৰি আছে! খাঁটি অসমীয়াৰ আধিপত্য আছে, উজনিত এনে এক ক্ষেত্ৰ দেখুৱাই দিয়কচোন!

চাওঁক শইকীয়া মহাশয়, উজনি উজনিকৈ, নামনি নামনিকৈ এনেবোৰ কথা ব্যক্তিগতভাৱে আমি কাহানিও
নকওঁ! আপুনি বৰ অহংকাৰেৰে চাহ,তেল,কয়লাৰে উজনি অসমে নামনি অসমক চলাই আছে বুলি কোৱাত হে আপোনাক ফেপেৰি পাতি ধৰিছো! আপোনাৰ দলীয় ৰাজনীতিৰ ভিতৰৰ সংঘাতক লৈ আমাৰ উজনি নামনিৰ অসমীয়া সকলৰ কোনো মতলব নাই। কিন্তু আপুনি সেই সংঘাতৰ অচিলাতে নামনিৰে কোনোবা দলীয় নেতাক ঠেকেচা দিবলৈ গৈ এনে উদ্ভৎ ধৰণৰ বিভাজনকামী কথা ক’ব সেইটো নচলিব!
আমি ব্যক্তিগত ভাৱে পুৰা জাতীয়তাবাদী ভাৱধাৰাৰ মানুহ। নিজে অসমীয়া মাধ্যমত পঢ়ি ডাঙৰ হৈছো। পত্নীও অসমীয়া মাধ্যমত পঢ়ি ডাঙৰ হৈছে। একমাত্ৰ ল’ৰা সন্তানটিকো বিদ্যালয় পৰ্যায়ত অসমীয়া মাধ্যমতে পঢ়ুৱাইছো। অসমৰ ভৌগোলিক সীমাৰ ভিতৰত প্ৰথমেই অসমীয়াতে কথা কওঁ। সেয়া ফাঁচী বজাৰ, তিনিচুকীয়া, ডিব্ৰুগড়, লামডিং, শিলচৰ যি ঠায়েই
নহওঁক! গৃহ চহৰ গোৱালপাৰা। খাঁটি অসমীয়া!

আৰু শুনক, আপোনালোকৰ শীৰ্ষ নেতৃত্বই যেতিয়ালৈ পূবৰ দুৱাৰ মুকলি কৰি বেহা-বেপাৰৰ সুবিধা কৰি নিদিব, তেতিয়ালৈ নামনিৰ পশ্চিমৰ দুৱাৰেৰেই বেহা-বেপাৰখন চলাই থাকিব লাগিব!
বাদ-বিসম্বাদ দলৰ মজিয়াত কৰি থাকক। ইয়াত উজনি নামনিৰ অসমীয়াক নাটানিব!

জিষ্ণু মেধি

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *

Home
NEWS
Search