শুৱালকুছিৰ চাৰি যুৱকে কামৰূপৰ শিঙিমাৰীৰ এগৰাকী স্কুলীয়া ছাত্ৰীক গুৱাহাটীৰ এখন ল’জত আবদ্ধ কৰি ৰখা ঘটনাই সমগ্ৰ অঞ্চলতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ প্ৰাপ্ত তথ্যমতে শুৱালকুছিৰ নাৰায়ণ বৈশ্য (২১) নামৰ যুৱকজনৰ লগত শিঙিমাৰী বাসিন্দা তথা এখন ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানৰ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ ছাত্ৰী গৰাকীৰ লগত দীৰ্ঘ দিনীয়া সম্পৰ্ক৷ যোৱা ১২ জুনৰ সন্ধিয়া প্ৰায় ৭ বজাত নাৰায়ণ বৈশ্যই তেওঁৰ বন্ধু ডেভিদ ডেকা(২২), ঋষি বৈশ্য(১৯) উদ্দিত্ত বিক্ৰম বৈশ্য(২১) ক লগত লৈ এ এচ ০১-ই এচ ৮৬৮৭ নম্বৰৰ বলৰে গাড়ী এখনৰে শুৱালকুছিৰ পৰা গৈ শিঙিমাৰীত ছাত্ৰী গৰাকীক জোৰকৈ গাড়ীত উঠাই নিমিষতে অন্তৰ্ধান হয়৷ সন্ধিয়াৰ পৰা পৰিয়ালৰ লোকে ছাত্ৰী গৰাকীৰ কোনো সন্ধান নোপোৱাত পিতৃয়ে দদৰা আৰক্ষী চকীত ছাত্ৰী গৰাকী সন্ধানহীন হোৱা বুলি এজাহাৰ দাখিল কৰে৷ দদৰাৰ আৰক্ষীয়ে উক্ত এজাহাৰৰ ভিত্তিত আই পি চি ৩৬৫ ধাৰাত ২০৪/২৪ নম্বৰৰ এটি গোচৰ ৰুজু কৰি অভিযান চলাই ১৩ জুনৰ সন্ধিয়া গুৱাহাটী দিছপুৰৰ পোদ্দাৰ ইন ল’জৰ এটা কোঠাৰ পৰা যুৱতী গৰাকীৰ সৈতে চাৰিও গৰাকী যুৱক উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ লগতে যুৱকৰ দলটোৱে ব্যৱহাৰ কৰা বলেৰ’ গাড়ীখনো উদ্ধাৰ কৰে৷ পিছত আৰক্ষীয়ে গাড়ীসহ আটাইকেইগৰাকী দদৰা আৰক্ষী চকীলৈ আনি ছাত্ৰী গৰাকীক স্বাস্থ্য পৰীক্ষাৰ বাবে শিঙিমাৰী আদৰ্শ চিকিৎসালয়ত ভৰ্ত্তি কৰে৷ আৰক্ষীয়ে ঘটনাটোৰ মূল অভিযুক্ত নাৰায়ণ বৈশ্যক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰাৰ বিপৰীতে বাকী তিনিজনক সোধপোছ কৰাৰ পিছত মুকলি কৰি দিয়ে ৷ যুৱ প্ৰজন্মৰ এনে নৈতিক স্খলন কাৰ্যই শুৱালকুছিৰ সচেতন মহলক চিন্তিত কৰি তুলিছে৷