তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে আজি অসমৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে গুৱাহাটী আৰু বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত কামৰূপ নিৰ্বাচনী জিলা পৰিদৰ্শন কৰি জিলাখনৰ নিৰ্বাচনী প্ৰস্তুতিৰ পৰ্যালোচনা কৰে।
কামৰূপ জিলাৰ সংহত আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এখন পৰ্যালোচনা বৈঠকত কামৰূপ জিলাৰ জিলা আয়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া কীৰ্তি জল্লী, জিলা উন্নয়ন আয়ুক্ত সুশান্ত কুমাৰ দত্ত, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া অৰ্পা বাগলাৰী, আৰক্ষী অধীক্ষক ৰঞ্জন ভূঞা, অতিৰিক্ত জিলা আয়ুক্ত (নিৰ্বাচন) কমল বৰুৱাকে ধৰি বিভিন্ন নিৰ্বাচনী কোষৰ দায়িত্বত থকা বিষয়াসকলৰ উপস্থিতিত মুখ্য নিৰ্বাচনী বিষয়া গৰাকীয়ে ষ্ট্ৰং ৰুম ব্যৱস্থাপনা, ৱেবকাষ্টিং, জিপিএছ চিষ্টেম, ইভিএম ব্যৱস্থাপনা, পোষ্টেল বেলটৰ জৰিয়তে ভোটদান, ঘৰৰ পৰা ভোট দান আদি নিৰ্বাচনৰ সৈতে জড়িত দিশসমূহৰ ওপৰত পৰ্যালোচনা কৰে।
কামৰূপ নিৰ্বাচনী জিলাত ভোট গ্ৰহণ প্ৰক্ৰিয়াত যাতে সুকলমে সম্পন্ন হয় তাৰ বাবে মুখ্য নিৰ্বাচনী বিষয়া গৰাকীয়ে আজিৰ বৈঠকত কেতবোৰ পৰামৰ্শ যেনে, যিকোনো ধৰণৰ অভিযোগৰ সক্ৰিয়তাৰে নিষ্পত্তি কৰা, ভোট গ্ৰহণৰ দিনাখন কোনো কাৰণত ভোটগ্ৰহণ দেৰিলৈকে চলিলে উদ্ভৱ হ’ব পৰা সমস্যাৰে মোকাবিলাৰ বাবে সাজু থাকিবলৈ পৰামৰ্শ আগবঢ়ায়। মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে আজি ষ্ট্ৰং ৰুম, ই ভি এম কমিছনিঙ পৰিদৰ্শনৰ লগতে ভোটগ্ৰহণৰ সামগ্ৰী বিতৰণৰ বাবে প্ৰস্তুত কৰা কাউণ্টাৰসমূহো পৰিদৰ্শন কৰে।
পৰ্যালোচনা বৈঠকত অসমৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে কামৰূপ নিৰ্বাচনী জিলাই পদ্ধতিগত ভোটাৰ শিক্ষা আৰু নিৰ্বাচনী অংশগ্ৰহণ কাৰ্যসূচীৰ অধীনত প্ৰস্তুত কৰা ভোটাৰ সজাগতা সম্পৰ্কীয় ভিডিঅ’ মুকলি কৰাৰ লগতে “Polling station at your fingertips” নামেৰে এটা ৱেবছাইট মুকলি কৰে। ভোটাৰৰ সুবিধা আৰু ভোটদান প্ৰক্ৰিয়াত ভোটাৰৰ অংশগ্ৰহণ বৃদ্ধিৰ বাবে কামৰূপ নির্বাচনী জিলাই এই ৱেবছাইটটো প্রস্তুত কৰিছে আৰু ই ভোটাৰসকলক ভোটগ্ৰহণ কেন্দ্ৰৰ সবিশেষ যেনে ভোটগ্ৰহণ কেন্দ্ৰলৈ দূৰত্ব, ভোটগ্ৰহণ কেন্দ্ৰত উপস্থিত হ’বলৈ প্ৰয়োজনীয় আনুমানিক সময়, বতৰৰ বতৰা সম্পৰ্কে অৱগত হোৱাৰ লগতে ভোটগ্ৰহণ কেন্দ্ৰৰ আগতীয়া ভিডিঅ’ চাব পাৰিব। মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে কামৰূপ নিৰ্বাচনী জিলাই ভাৰ্চুৱেল ৰিয়েলিটী প্ৰযুক্তিৰ ব্যৱহাৰেৰে ভোটদানৰ অভিজ্ঞতা প্ৰদানৰ বাবে গ্ৰহণ কৰা কাৰ্যসূচীৰো প্ৰশংসা কৰে।
বৈঠকত অতিৰিক্ত জিলা আয়ুক্তসকল ক্ৰমে নিত্য বিনোদ ৱাৰী, চন্দনা বৰুৱা, নিৰ্বাচনী বিষয়া মানস জ্যোতি বৰাকে ধৰি নিৰ্বাচনী প্ৰক্ৰিয়াৰ লগত জড়িত উচ্চ পদস্থ বিষয়া সকল উপস্থিত থাকে।