ৰেল যাত্ৰীৰ বাবে সুখবৰ ।এতিয়াৰে পৰা সুলভ মূল্যত পাব পানীৰ লগতে খাদ্য, ভাৰতীয় ৰেলৱে আৰম্ভ কৰিছে এই বিশেষ সেৱা
উৎকট গৰমৰ পৰা সকাহ দিয়াৰ বাবে যাত্রীসকলক সুলভ মূল্যত পানী আৰু খাদ্যৰ যোগান ধৰিব ভাৰতীয় ৰেলৱেই। উত্তৰ পূৱ সীমান্ত ৰে’লৱেৰ ৮টাকৈ ষ্টেচনত এনে সুবিধাযুক্ত কাউণ্টাৰ উপলব্ধ হব । উত্তৰ পূৱ সীমান্ত ৰে’লৱেৰ ফালৰ পৰা যাত্ৰীসকলক সুলভ মূল্যত আহাৰ আৰু পানী যোগানৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
উত্তৰ পূৱ সীমান্ত ৰে’লৱেৰ অন্তৰ্গত ৮টা ষ্টেচন ক্রমে গুৱাহাটী, কামাখ্যা, ৰঙিয়া, নিউ কোচবিহাৰ, কাটিহাৰ, নিউ তিনিচুকীয়া, নাহৰলগুন আৰু নিউ আলিপুৰদুৱাৰত এই সেৱা উপলব্ধ হ’ব। ইয়াৰ ফলত যাত্ৰীসকলে ভ্ৰমণৰ সময়ত উন্নতমানৰ সেৱা কম টকাতেই লাভ কৰিব। এই পদক্ষেপৰ মাধ্যমেৰে জেনেৰেল ছেকেণ্ড ক্লাছ আৰু শ্লিপাৰ ক্লাছ কোচসমূহত পানীৰ বটল ৰখাৰ ওপৰিও ভাৰতীয় ৰে’লৱেৰ পক্ষৰ পৰা জেনেৰেল কোচৰ যাত্ৰীসকলে ২০ টকাতেই লাভ কৰিব পানী আৰু আহাৰ। ৫০ টকাতেই লাভ কৰিব স্নেকচ। IRCTC ভেণ্ডৰৰ লোকে পেকেটজাত আহাৰ আৰু পানীৰ ট্ৰে লৈ কোচৰ কাষে কাষে আহিব। ইয়াৰোপৰি কম দামতেই তেওঁলোকে যোগান ধৰিব উন্নত মানৰ। আহাৰ। বিগত বছৰত প্ৰায় ৫১টা ষ্টেচনত এই সেৱা আৰম্ভ কৰা হৈছে। এই সাফল্যৰ ওপৰত নিৰ্ভৰ কৰিয়েই ৰেলৱেই এই যোগান সম্প্ৰসাৰিত কৰিছে। বর্তমান ভাৰতীয় ৰেলৱেৰ ১০০ ৰ পৰা ১৫০ টা কাউণ্টাৰত আৰম্ভ হৈছে এই সেৱা।