শুৱালকুছিৰ ঈশ্বৰ শ্ৰীশ্ৰীহাটী সত্ৰৰ দশম সত্ৰাধিকাৰৰ তিৰোভাৱ তিথি আৰু সত্ৰাধিকাৰৰ অভিষেক

0 minutes, 0 seconds Read

নামনি অসমৰ একমাত্ৰ কেৱলীয়া সত্ৰ শুৱালকুছিৰ ঈশ্বৰ শ্ৰীশ্ৰী হাটীসত্ৰৰ দশম জনা সত্ৰাধিকাৰৰ প্ৰথম তিৰোভাৱ তিথি দিনযোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয়। এই উপলক্ষত পুৱা ৭-৩০ বজাত বিশিষ্ট সমাজ কৰ্মী তথা সত্ৰৰ বয়োজেষ্ঠ ভকত দীনেশ চন্দ্ৰ বৈশ্যৰ দ্বাৰা এটি সত্ৰাধিকাৰৰ সোঁৱৰণত গছ পুলি ৰোপনৰ কৰা হয়। পিছত আই সকলৰ প্ৰসঙ্গ।১০ বজাত বৰপেটাৰ নিৰ্মল মহন্তৰ পৰিচালনাত নাম প্ৰসঙ্গ কৰা হয়।এইদৰে,পাঠ পঢ়া হয়,সত্ৰৰ বুঢ়া সত্ৰীয়া ৰাজীৱ লোচন সন্তৰ দ্বাৰা চৰিত তোলা হয়।এই অনুষ্ঠানতে খালি হৈ থকা ডেকা সত্ৰাধিকাৰৰ গাদীত অভিষেক পাতি উজ্জ্বল মহন্তক ভকতক সাক্ষী ৰাখি ডেকা সত্ৰাধিকাৰৰ গাদীত উপবিষ্ট কৰায়। লগে লগে তেওঁৰ সত্ৰ খনৰ ডেকা সত্ৰীয়া দায়িত্ব ভাৰ গ্ৰহণ কৰি আবেগিক হৈ পৰে, ৰঙিয়া সুন্দৰী শালৰ বাপ গৰাকী ১৭ বছৰ পূৰ্বে সত্ৰ লৈ আহি গুৰু ধৰ্ম লৈ উদাসীন জীৱন জাপনৰ প্ৰসঙ্গ কৰি মহাপুৰুষীয়া এক শৰণ হৰি নাম ধৰ্মৰ প্ৰচাৰ কৰিছিল।আজি তেওঁৰ সত্ৰাধিকাৰৰ অভিষেকে আবেগ বিহ্বল কৰি তোলে।অভিষেক সময়ত সুন্দৰীশালৰ, ধুৱাহাটা ,বৰঙাজুলি আদি একাধিক সত্ৰৰ সত্ৰাধিকাৰ সকলে তেওঁক মালা নিৰ্মালি দি বস্ত্ৰ দান কৰি ডেকা সত্ৰাধিকাৰৰ মৰ্যদা প্ৰদান কৰে। আনহাতে ,দশম সত্ৰাধিকাৰ ভগ্নেশ্বৰ মহন্তৰ তিৰোভাৱ তিথিত ঈশ্বৰ শ্ৰীশ্ৰী হাটীৰ সত্ৰৰ ১৭ খন শাখা সত্ৰৰ ভকত আই সকল সত্ৰাধিকাৰ,শ্ৰীশ্ৰীশঙ্কৰদেৱ মন্দিৰ,শ্ৰীশ্ৰীশঙ্কৰদেৱ ধাম আদিৰ সত্ৰাধিকাৰ ভকত আই সকলে নাম প্ৰসঙ্গত অংশ গ্ৰহণ কৰে। বিয়লি ৰাজীৱ লোচন সন্তৰ পৰিচালনাত ভোজন বিহাৰ ঝুমুৰা পৰিবেশন,সন্ধিয়া সত্ৰীয়া ওজাপালি আৰু নিশালৈ নাগাৰা নাম পৰিবেশন কৰা হয়।

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *

Home
NEWS
Search