সদ্যঘোষিত উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাৰ ফলাফলত শুৱালকুছি বুদৰাম মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয়ৰ ফলাফলক লৈ উৎফুল্লিত মহাবিদ্যালয় কৰ্তৃপক্ষ তথা ছাত্ৰ ছাত্ৰী । মহাবিদ্যালয় খনৰ ২০৮ গৰাকী ছাত্ৰ ছাত্ৰী পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বিপৰীতে উত্তীৰ্ণ হয় ১৭৪ গৰাকী ছাত্ৰ ছাত্ৰী । কলা শাখাৰ উত্তীৰ্ন হাৰ ৮৩.৬৫ । ইয়াৰে প্ৰথম বিভাগ ১৯ গৰাকী দ্বিতীয় বিভাগ ৩৩ গৰাকী আৰু তৃতীয় বিভাগত ১২২ গৰাকী ছাত্ৰ ছাত্ৰী উত্তীৰ্ন হয় । আনহাতে মহাবিদ্যালয়খনৰ বিজ্ঞান শাখাত ৪৯ জন ছাত্ৰ-ছাত্ৰী উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বিপৰীতে উত্তীৰ্ন হয় ৪৩ গৰাকী ছাত্ৰ ছাত্ৰী । ইয়াৰে প্ৰথম বিভাগ ৬ গৰাকী দ্বিতীয় বিভাগত ২১ গৰাকী আৰু তৃতীয় বিভাগত ১৬ গৰাকী ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হয় ।বিজ্ঞান শাখাৰ উত্তীৰ্ণ হাৰ ৮৭.৭৬ ।ফলাফল ঘোষণাৰ পাছতে মহাবিদ্যালয় কৰ্তৃপক্ষৰ ফালৰ পৰা প্ৰথম বিভাগত উত্তীৰ্ন ছাত্ৰ ছাত্ৰী সকলক সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে শুভেচ্ছা জ্ঞাপন কৰা হয় ।