কালৰ কাল বিপৰত কাল হৰিণাই চেলেকে…… হব আৰু নোকোৱাই ভাল । ডাঙৰ ডাঙৰ মনীষীৰ পৰা নদাই ভদাইলৈ যুগে যুগে প্ৰেমৰ সংজ্ঞা দি আহিছে , অষ্ট্ৰোপ্ৰচাৰ কৰি আহিছে তথাপি যেন ওৰকে নপৰে প্রেমৰ সংজ্ঞা । প্ৰেম হেনো কৰা নাযায় প্ৰেম হৈ যায় । এইবাৰ প্ৰেম হল এগৰাকী যুৱতী আৰু আৰু দুটাকৈ সন্তানৰ মাতৃৰ ।
ঘটনা বঙাইগাঁও জিলাৰ গোলাপাৰা চতুৰ্থ খণ্ডৰ ।
বঙাইগাওঁ জিলাৰ গোলাপাৰা চতুৰ্থ খণ্ডৰ এগৰাকী যুৱতীৰ লগত এগৰাকী মহিলাৰ প্ৰেমৰ সম্পৰ্কই লাভ কৰিছে ব্যাপক চৰ্চা।
দুয়োজনীয়ে ইটা ভাটাত কৰ্মৰত আছিল আৰু তাতেই দুয়োজনৰ মাজত লাগিল লেঠা । সম্পৰ্ক লাহে লাহে প্ৰেমলৈ ৰূপান্তৰিত হল আৰু শেষত দুয়োৰে এক হোৱাৰ সংকল্প । এইফালে মহিলাগৰাকীৰ আছে দুটা সন্তানো। কিন্তু সকলো এৰি স্বামী গৃহৰ পৰা মহিলা গৰাকী পলাই আহে যুৱতী গৰাকীৰ লগত।
এতিয়া দুয়ো পণ লৈছে সমাজক স্বাক্ষী কৰি বিয়া পতাৰ।
তেওঁলোকৰ প্ৰেমত কোনোবা বাধা হৈ থিয় দিলে চৰম সিদ্ধান্ত লোৱাৰো হুংকাৰ দিলে প্ৰেমাস্পদে
ঘটনাটোৱে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত।