৩৭ কোটি টকাৰ ব্যয় সাপেক্ষেশুৱালকুছিত স্থাপন হ’ব হস্ততাতঁ প্ৰকল্প

0 minutes, 6 seconds Read

অসম চৰকাৰৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগ আৰু ভাৰত চৰকাৰৰ হস্ততাঁত উন্নয়ন আয়ুক্তৰ অৰ্থ সাহায্যত শুৱালকুছিত স্থাপন হ’ব বৃহৎ থুপ ভিক্তিক হস্ততাঁত প্ৰকল্প (Mega Handloom Cluster Project) । প্ৰায় ৩৭ কোটি টকা ব্যায় সাপেক্ষে স্থাপন হব লগা এই প্ৰকল্প যোগে শুৱালকুছি অঞ্চলৰ প্ৰায় ৪৩০০গৰাকী শিপিনী উপকৃত হ’ব l শুৱালকুছি উন্নয়ন খণ্ডৰ অধীনৰ গন্ধমৌ পঞ্চায়ত, বংশৰ পঞ্চায়ত, পূব শুৱালকুছি গাওঁ পঞ্চায়ত, মধ্য শুৱালকুছি গাওঁ পঞ্চায়ত, পশ্চিম শুৱালকুছি গাঁও পঞ্চায়তত এই প্ৰকল্পৰ কাম একেলগে আৰম্ভ হ’ব আৰু প্ৰত্যেকটো পঞ্চায়তত শিপিনী সকলৰ সুবিধাৰ অৰ্থে একোটা ‘কমন ফেচিলিটি চেন্টাৰ’ স্থাপন হ’ব l ইয়াত শিপিনী সকলক হস্ততাঁতৰ উন্নত প্ৰযুক্তিৰ ওপৰত বিভিন্ন প্ৰশিক্ষন দিয়া হব l শিপিনী সকলৰ উৎপাদিত মান বিশিষ্ট বস্ত্ৰ সমূহ বিক্ৰীৰ বাবে শুৱালকুছি উন্নয়ন খণ্ডৰ সমীপত স্থাপন হব এটা ডাঙৰ মল l এই মলৰ লগত থাকিব এটা প্ৰশিক্ষন কেন্দ্ৰ l য’ত শিপিনী সকলক সূতা ৰং কৰা, ববিব ফুৰোৱা, বাতি কঢ়া, মহুৰা ফুলোৱা, গ্ৰাহকৰ মন পছন্দ কাপোৰ উৎপাদন কৰা আদিৰ প্ৰশিক্ষণ দিয়া হব l লগতে প্ৰকল্পৰ অধীনত এটা সংগ্ৰহালয়, আলোচনা গৃহও স্থাপন কৰা হব l
প্ৰকল্প সন্ধৰ্ভত ভাৰত চৰকাৰৰ বস্ত্ৰ মন্ত্ৰাল়ৰ অধীনৰ হস্ততাঁত উন্নয়ন আয়ুক্ত ড এম বিনা, আই এ এছ, কেন্দ্ৰীয় চৰকাৰৰ শিপিনী সেৱা কেন্দ্ৰৰ পূৰ্বাঞ্চল ক্ষেত্ৰৰ সঞ্চালক এছ. বন্দ্যোপাধ্যায়, নেচনেল হেণ্ডলুম ডেভেলপমেনণ্ট কৰ্পৰেচনৰ স্থানীয় বিষয়া সকলৰ লগতে অসম চৰকাৰৰ হস্ততাঁত বস্ত্ৰশিল্প আৰু ৰেচম বিভাগৰ সচিব শ্ৰী দিলীপ কুমাৰ বৰা, আই এ এছ, হস্ততাঁত বস্ত্ৰশিল্প বিভাগৰ সঞ্চালক শ্ৰী পৰাগমনি মহন্ত, প্ৰাক্তন পৰিচালন সঞ্চালক শ্ৰী এন এন ৰাণা পাটগিৰিৰ লগতে বিভাগীয় উচ্চ পদস্থ বিষয়া সকলে শুৱালকুছি অঞ্চল পৰিভ্ৰমণ কৰি প্ৰকল্পৰ স্থান সমূহ পৰিদৰ্শন কৰে l পিছত এই উদ্দেশ্যে তেওঁলোক এক আলোচনাটো মিলত হয় l

হৰিপ্ৰসাদ দাস।
শুৱালকুছি।

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *

Home
NEWS
Search